ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ইউটিউব চাই অস্ত্ৰোপচাৰ, একাধিক শিৰা কাটি পেলালে মদ্যপ চিকিৎসকে; প্ৰাণ হেৰুৱালে মহিলাই

মোমায়েক আৰু ভাগিনীয়েকৰ প্ৰৱঞ্চনা। মোমায়েকে এখন অবৈধ ক্লিনিক চলাইছিল। আৰু ভুৱা চিকিৎসক সাজি চিকিৎসা কৰিছিল ভাগিনেকে।

এই অবৈধ ক্লিনিকখন কোনো অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে চলি আছিল। আৰু তাতেই চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হয় এগৰাকী মহিলাৰ।

উত্তৰ প্ৰদেশৰ কোঠী থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। এই কথা আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

তেজবাহাদুৰ ৰাৱটৰ পত্নী মুনিষৰা ৰাৱটৰ কিডনীত পাথৰ হৈ আছিল। ৫ ডিচেম্বৰত স্বামীয়ে তেওঁক কোঠীৰ শ্ৰী দামোদৰ ফাৰ্মাচীলৈ লৈ যায়। ক্লিনিকৰ পৰিচালক জ্ঞান প্ৰকাশ মিশ্ৰই সেইদিনা পেটৰ বিষৰ বাবে ৰোগীজনক অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ অনুমানিক পঁচিশ হাজাৰ টকা খৰচ হ’ব বুলি কৈছিল।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, অপাৰেচনৰ পূৰ্বে ৰোগীজনৰ পৰিয়ালে বিশ হাজাৰ টকা জমা দিছিল। মৃত মহিলাগৰাকীৰ স্বামীয়ে অভিযোগ উত্থাপন কৰে যে অস্ত্ৰোপচাৰৰ পূৰ্বে জ্ঞান প্ৰকাশ মিশ্ৰ মদ্যপ অৱস্থাত আছিল।

তদুপৰি, ইউটিউব ভিডিঅ’ চাই তেওঁ অস্ত্ৰোপচাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। জ্ঞান প্ৰকাশৰ ভাগিনেক বিবেক কুমাৰ মিশ্ৰ এই সমগ্ৰ ঘটনাত উপস্থিত আছিল।

মৃতকৰ পৰিয়ালৰ অভিযোগ অনুসৰি অস্ত্ৰোপচাৰৰ সময়ত মহিলাগৰাকীৰ পেটত গভীৰ ঘাঁৰ সৃষ্টি হয়। কেইবাটাও শিৰা কটা যায়। ফলত পিছদিনা সন্ধিয়া ৬ বজাত তেওঁৰ মৃত্যু হয়।

ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত দুজন। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

ইতিমধ্যে কোঠী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষকে অবৈধ চিকিৎসালয়খন ছীল কৰাৰ নিৰ্দেশ দিছে। ক্লিনিক অপাৰেটৰ আৰু তেওঁৰ ভাগিনেকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। SC/ST Act, 1989 ৰ অধীনতো এটা গোচৰ ৰুজু কৰা হৈছে।