প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদী, আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ – জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসম ভ্ৰমণ কৰিলে বিজেপিৰ এই দুই বিয়াগোম নেতাই । কিন্তু ইয়াৰে কোনো এগৰাকী নেতাই দৰ্শন নকৰিলে জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত উপস্থিত হৈ অসমৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ কাৰোৰে যেন সময় নহ’ল।
কেৱল ৰাজনীতিৰ কথা কৈ, উন্নয়নৰ ফটাঢোল কোবাই অহা বাটে গুচি গ’ল এই সকল নেতা। কিয় জুবিন গাৰ্গ অৱহেলিত হৈ ৰ’ল দেশৰ প্ৰধানমন্ত্ৰী, আৰু বিত্তমন্ত্ৰীৰ ওচৰত? তেওঁলোকে জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰা বা জুবিন ক্ষেত্ৰলৈ যোৱাটো দূৰৰে কথা। নিজৰ ভাষণত এবাৰো উল্লেখ নকৰিলে জুবিন গাৰ্গৰ নাম। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কেৱল শ্ৰদ্ধাঞ্জলি জনাবলৈকে অসমলৈ আহি গ’ল বিৰোধী দলপতি ৰাহুল গান্ধী।
এতিয়া প্ৰশ্ন অসমীয়া শিল্পী, অসমীয়া সংস্কৃতিৰ প্ৰতি কোনো ধৰণৰ আবেগ নাই নেকি দিল্লীৰ নেতাসকলৰ? তেওঁলোকক অকল অসমৰ সম্পদ হে লাগে নেকি? বিপদৰ সময়ত কিয় অসমৰ জনতাৰ দুখৰ বুজ নলয় নেতা সকলে।
নৰেন্দ্ৰ মোদী অমিত শ্বাহ বহুবাৰ অসমলৈ আহিল। কিন্তু অসমৰ বানপানীৰ সময়ত কোনো দিন দেখা নগল এই সকল নেতাক। আজি নৰেন্দ্ৰ মোদীয়ে কিয় অসমৰ জনতাৰ আগত দিব নোৱাৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ আশ্বাস? এইবোৰ প্ৰশ্নই এতিয়া উত্থাপন হৈছে সচেতন মহলৰ মাজত।
