ভাৰতীয় তাৰকা মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাটে ক্ৰীড়া জগতৰ পৰা অৱসৰ লোৱাৰ পূৰ্বৰ সিদ্ধান্ত ত্যাগ কৰি পুনৰ আখড়ালৈ প্ৰত্যাৱৰ্তনৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। চলিত বৰ্ষৰ আগষ্ট মাহত মল্লযুঁজ এৰি তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিল। অৱশ্যে, এতিয়া তেওঁ পুনৰ নিজৰ খেললৈ উভতি আহিবলৈ সাজু।
বিনেশে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই খবৰটো অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰি কয় যে তেওঁ এতিয়া ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছক লক্ষ্য কৰি আগবাঢ়িছে।
ইনষ্টাগ্ৰামত তেওঁ লিখিছে, “মই আখড়াৰ পৰা, মানসিক চাপৰ পৰা, আশাৰ পৰা, আনকি মোৰ সপোনৰ পৰাও আঁতৰি যোৱাৰ প্ৰয়োজন আছিল। বছৰটোত প্ৰথমবাৰৰ বাবে দীঘলকৈ উশাহ এটা লৈছিলো… মই এতিয়াও খেল ভাল পাওঁ। মই এতিয়াও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰো।”
বিৰতিৰ সময়ত নিজৰ মনৰ মাজৰ জুইকুৰা পুনৰ বিচাৰি পোৱাৰ কথা ব্যক্ত কৰি তেওঁ কয়, “এই মৌনতাত মই পাহৰি যোৱা কিবা এটা বিচাৰি পাইছিলোঁ: ‘জুই কেতিয়াও নুমাই নাযায়।’ ক্লান্তি আৰু কোলাহলৰ তলতহে পুতি থোৱা আছিল… মোৰ এটা অংশ আখড়াত থাকে।”
উল্লেখ্য যে বিনেশ ফ’গাটৰ বাবে পেৰিছ অলিম্পিক আছিল এক দুঃস্বপ্ন। মহিলাৰ ৫০ কেজি শাখাৰ ফাইনেলত স্থান লাভ কৰাৰ পাছতো, চূড়ান্ত খেলখনৰ কেইঘণ্টামান পূৰ্বে ওজন অতিৰিক্ত হোৱাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। ইয়াৰ পূৰ্বে ৰিঅ’ আৰু টকিঅ’ অলিম্পিকতো তেওঁ পদকৰ পৰা বঞ্চিত হৈছিল। সেয়েহে, তেওঁ এইবাৰ নিজৰ সপোন পূৰণ কৰিবলৈ দৃঢ়সংকল্পবদ্ধ।
