ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

পুনৰ প্ৰকাশ পাইছে এপষ্টেইনৰ যৌন কেলেংকাৰীৰ ফাইলত ট্ৰাম্পৰ ফটো, পত্নী মেলানিয়াও জড়িত?

দেওবাৰে আমেৰিকাৰ ন্যায় বিভাগে এপষ্টেইন ফাইলছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ফটোখন পুনৰ ঘূৰাই আনিছে। বিতং পৰ্যালোচনাৰ বাবে তেওঁৰ ফটোখন সাময়িকভাৱে আঁতৰাই দিয়া বুলি যুক্তি দৰ্শাইছে।

ন্যায় বিভাগে এক বিবৃতিত কয় যে জেফ্ৰি এপষ্টেইন গোচৰত প্ৰকাশ পোৱা ট্ৰাম্পৰ ফটোখনক লৈ নিউয়ৰ্কৰ দক্ষিণ জিলাৰ পৰা আপত্তি উত্থাপন হৈছে। মন কৰিবলগীয়া যে এই গোচৰৰ গ্ৰেণ্ড জুৰীৰ পৰ্যালোচনাত বহু বিশিষ্ট ব্যক্তিৰ নাম আৰু ফটো প্ৰকাশ পাইছে। যাক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত ব্যাপক চৰ্চা চলি আছে।

বিবৃতিটোত কোৱা হৈছে যে ফটোখনত এখন ডেস্কৰ খোলা ড্ৰয়াৰত ছবি দেখা গৈছে। য’ত ট্ৰাম্পে কেইবাগৰাকীও যুৱতী আৰু মহিলাৰ সৈতে অন্তৰংগভাৱে পোজ দিয়া দেখা যায়। যদিও সাময়িক কাৰণত ফটোখন আঁতৰাই দিয়া হৈছিল, তথাপিও কোনো ধৰণৰ বিকৃতি বা পৰিৱৰ্তন নকৰাকৈয়ে মূল ফাইলটো সম্পূৰ্ণৰূপে প্ৰকাশ কৰা হৈছে। পৰ্যালোচনাৰ পিছত নিশ্চিত হোৱা গৈছে যে এপষ্টেইনৰ দ্বাৰা নিৰ্যাতন বা বলি হোৱা মহিলাসকলক চিনিব পৰা নাই। সেয়েহে ইয়াক পুনৰ ছাইটলৈ অনা হৈছে।

আন এখন ফটোত ৰিপাব্লিকান নেতা ট্ৰাম্পে পত্নী মেলানিয়া, এপষ্টেইন আৰু এতিয়া দোষী সাব্যস্ত হোৱা প্ৰেমিকা ঘিছলেন মেক্সৱেলৰ সৈতে কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে। আন আন ফটোসমূহৰ ভিতৰত আছে বিল ক্লিণ্টন আৰু পোপ জন পল দ্বিতীয়ও।

ফটোখন আঁতৰোৱাৰ বাবে বিৰোধী দলৰ ডেম’ক্ৰেটসকলে ট্ৰাম্পক তীব্ৰ সমালোচনা কৰিছে। দেওবাৰে এক সাক্ষাৎকাৰত ডেম’ক্ৰেটিক কংগ্ৰেছী জেমী ৰাস্কিনে কয় যে সম্পূৰ্ণ লুকুৱাই দিয়াৰ কাম চলি আছে। ড’নাল্ড ট্ৰাম্পে বিচাৰৰ সন্মুখীন হ’ব নিবিচাৰে। নিজৰ বিৰুদ্ধে হওক বা পৰিয়ালৰ আন এজন সদস্যৰ বিৰুদ্ধে হওক।

কেৱল বিৰোধীয়েই নহয়। ট্ৰাম্পৰ নিজা দলৰ সদস্য কংগ্ৰেছী থমাছ মেচিয়ে দীৰ্ঘদিন ধৰি এপষ্টেইনৰ ফাইলসমূহ সম্পূৰ্ণ প্ৰকাশৰ দাবী জনাই আহিছে। তেওঁ ডেম’ক্ৰেটৰ দাবীৰ সৈতে সুৰ মিলাইছে। তেওঁ কয়, “তেওঁলোকে আইনৰ মহত্তক আওকাণ কৰিছে। তেওঁলোকে যি ধৰণে আগবাঢ়িছে সেয়া অতি বিপদজনক। ভুক্তভোগীয়ে ন্যায় নোপোৱালৈকে মই ক্ষান্ত নহওঁ।”