ডিমা হাছাওৰ উমৰাংছুত অনুষ্ঠিত হ’বলগীয়া ১১ সংখ্যক ফেলকন ফেষ্টিভেলত এইবাৰ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্ৰা আৰু শিল্পা ৰাওৱে সংগীতানুষ্ঠান পৰিৱেশন কৰিব। ১২ আৰু ১৩ ডিচেম্বৰত এই দুই শিল্পীৰ সংগীতেৰে জীপাল কৰি তুলিব উমৰাংচ’ৰ গ’ল্ফ ক’ৰ্টত আয়োজিত উৎসৱস্থলী।
উল্লেখ্য যে, শীতৰ আগমনৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিয়ে নতুন ৰূপ লোৱাৰ লগতে দেশী-বিদেশী চৰাইৰ আগমনে পৰিৱেশটো বিনন্দীয়া কৰি তোলে। এই প্ৰাকৃতিক পৰিৱেশৰ মাজত ফেষ্টিভেলসমূহে আয়োজন কৰা মনোৰঞ্জনমূলক অনুষ্ঠান উপভোগ কৰিবলৈ বিভিন্ন ঠাইৰ পৰা লোকসকলে ভিৰ কৰেহি।
ফেলকন ফেষ্টিভেলৰ আহ্বায়ক দিতেন লাংথাছাই সমগ্ৰ অনুষ্ঠানটো সন্দৰ্ভত উল্লেখ কৰে যে এই বছৰৰ মহোৎসৱত স্থানীয় প্ৰতিভাৰ লগতে বলীউডৰ সংগীত শিল্পীৰ গীতৰ সমাহাৰ ঘটিব।
সুৰকাৰ তথা গায়ক বিশাল মিশ্ৰাই ফেষ্টিভেলৰ আৰম্ভণিৰ দিনা অৰ্থাৎ ১২ ডিচেম্বৰত অনুষ্ঠান পৰিৱেশন কৰিব। আনহাতে, অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ ১৩ ডিচেম্বৰত সুৰৰ মায়াজাল ৰচিব আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী শিল্পা ৰাওৱে। নেপথ্য গায়িকা নিকিতা গান্ধীয়েও সংগীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিয়ে।
ফেলকন ফেষ্টিভেলত সংগীতানুষ্ঠানৰ লগতে বিভিন্ন চৰকাৰী বিপণিও থাকিব। এই বিপণিসমূহত ডিমা হাছাওৰ উন্নয়ন, কল্যাণমূলক পদক্ষেপ আদিকে ধৰি বিভিন্ন দিশ দাঙি ধৰা হ’ব বুলি সদৰী কৰিছে।
