পশ্চিম কাৰ্বি আংলং জিলাত ভিজিআৰ-পিজিআৰ (VGR-PGR) ভূমি উচ্ছেদৰ দাবীত চলি থকা প্ৰতিবাদে বৃহস্পতিবাৰে ভয়াৱহ ৰূপ ধাৰণ কৰে।
প্ৰাপ্ত খবৰ অনুসৰি, ভিজিআৰ-পিজিআৰ ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত একাংশ লোকে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছিল। প্ৰতিবাদ চলি থকা অৱস্থাত আৰক্ষীয়ে কেইগৰাকীমান প্ৰতিবাদকাৰীক আটক কৰি লৈ যোৱাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। ক্ষুব্ধ হৈ প্ৰতিবাদকাৰীসকলে ডংকামোকামত থকা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰে।
উত্তেজিত জনতাই আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। ইয়াৰ পিছত আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলীচালনাত তিনিজন প্ৰতিবাদকাৰী আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইফালে গুলীচালনাৰ পিছত প্ৰতিবাদকাৰীসকল অধিক উত্তেজিত হৈ তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰে।
এই পৰিস্থিতিলৈ লক্ষ্য কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুক ততাতৈয়াকৈ পশ্চিম কাৰ্বি আংলঙলৈ যোৱাৰ নিৰ্দেশ দিছে।
বৰ্তমান অঞ্চলটোত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰশাসনে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।
