অনিশ্চয়তাৰ মাজত হাজাৰ হাজাৰ আই টি কৰ্মী। ট্ৰাম্পৰ কঠোৰ সিদ্ধান্তই আমেৰিকালৈ ঘূৰি যোৱাটো অনিশ্চিত কৰি তুলিছে। চলিত মাহত ছুটীৰ বাবে ভাৰতলৈ অহা প্ৰবাসী ভাৰতীয়ৰ বাবে ডাঙৰ বেয়া খবৰ। সেয়া আমেৰিকাৰ ভিছাৰ সৈতে জড়িত নতুন জটিলতাৰ বাবে।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কঠোৰ অভিবাসন নীতিৰ বাবে হাজাৰ হাজাৰ ভাৰতীয় পেছাদাৰীৰ এইচ-১বি আৰু এইচ-৪ ভিছাৰ সাক্ষাৎকাৰ (এপইণ্টমেণ্ট) হঠাতে বাতিল বা কেইবামাহো পিছুৱাই দিয়া হৈছে। ফলত এইসকল দক্ষ কৰ্মীসকলে ভাৰতত চৰম অনিশ্চয়তাৰ মাজত দিন পাৰ কৰিছে।
সাক্ষাৎকাৰ বাতিল আৰু বিলম্ব
ৱাশ্বিংটন পোষ্ট আৰু ডেকান ক্ৰনিকলৰ বাতৰি অনুসৰি ১৫ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত নিৰ্ধাৰিত হাজাৰ হাজাৰ ভাৰতীয়ৰ ভিছা সাক্ষাৎকাৰ বাতিল কৰা হৈছে। যদিও বহুতে ২০২৬ চনৰ আৰম্ভণিতে (ফেব্ৰুৱাৰী বা মাৰ্চ) এপইণ্টমেণ্ট লাভ কৰাৰ কথা আছিল, তথাপিও ২০২৬ চনৰ অক্টোবৰলৈ পোনপটীয়াকৈ পিছুৱাই দিয়া হৈছে।
সাধাৰণতে প্ৰবাসী ভাৰতীয়সকলে ছুটীৰ সময়ত ঘৰলৈ উভতি আহে আৰু এই সময়ত ভিছা নবীকৰণ বা ষ্টাম্প লগোৱাটো পছন্দ কৰে। কিন্তু হঠাৎ এই সিদ্ধান্তত ভাৰতত বহু কৰ্মী আবদ্ধ হৈ পৰিছে, আৰু তেওঁলোকৰ কামলৈ ঘূৰি যোৱাটো অনিশ্চিত হৈ পৰিছে।
কিয় এই বিলম্ব? আমেৰিকা প্ৰশাসনৰ নতুন নিয়ম
আমেৰিকাৰ বিদেশ মন্ত্ৰালয় আৰু অভিবাসন অধিবক্তাসকলৰ মতে, এই বিলম্বৰ আঁৰৰ মূল কাৰণ হৈছে ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰৱৰ্তন কৰা নতুন ছ’চিয়েল মিডিয়া স্ক্ৰীনিং নিয়ম। আমেৰিকাৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আবেদনকাৰীৰ ছ’চিয়েল মিডিয়াৰ কাম-কাজ অতি পুংখানুপুংখভাৱে চোৱাচিতা কৰা হৈছে, যিটো সম্পূৰ্ণ হ’বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন। ট্ৰাম্প প্ৰশাসনে দাবী কৰিছে যে আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰিবলৈ এই কঠোৰ নিৰীক্ষণ প্ৰয়োজনীয়।
এইচ-১বি ভিছাৰ বিৰুদ্ধে কঠোৰ ট্ৰাম্প
শেহতীয়াকৈ ট্ৰাম্প প্ৰশাসনে এইচ-১বি ভিছাৰ ক্ষেত্ৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে। আমেৰিকাৰ সংবাদ মাধ্যম ৱাশ্বিংটন পোষ্টে তিনিজন বিশেষজ্ঞ অধিবক্তাৰ উদ্ধৃতি দি এক প্ৰতিবেদনত প্ৰকাশ কৰিছে যে ১৫ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত সাক্ষাৎকাৰৰ সময় লাভ কৰা হাজাৰ হাজাৰ ভাৰতীয়ৰ সাক্ষাৎকাৰ বাতিল কৰা হৈছে। বেছিভাগ এইচ-১বি ভিছাধাৰীয়ে আমেৰিকাৰ ৱৰ্ক পাৰ্মিট নবীকৰণৰ বাবে এই সময় বাছি লয়। কাৰণ আমেৰিকাত এইটো বন্ধৰ বতৰ।
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ভিছাধাৰীসকলক ইমেইলযোগে জনাইছে যে ৱৰ্ক পাৰ্মিটৰ বাবে সাক্ষাৎকাৰৰ ব্যৱস্থা কৰাত পলম হৈছে। কোৱা হৈছে যে ছ’চিয়েল মিডিয়া সন্দৰ্ভত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। কোনো আবেদনকাৰী যাতে আমেৰিকানসকলৰ নিৰাপত্তাৰ বাবে বিপজ্জনক হৈ নপৰে তাৰ বাবে এই নিয়মটো প্ৰৱৰ্তন কৰা হৈছে। সেইবাবেই এই সমগ্ৰ প্ৰক্ৰিয়াটো বুলি অৱগত কৰা হৈছে।
এইচ-১বি হৈছে অ-অভিবাসী (নন-ইমিগ্ৰেণ্ট) ভিছা। ইয়াৰ জৰিয়তে বিভিন্ন দেশৰ দক্ষ কৰ্মীসকলে আমেৰিকাত সৰ্বাধিক ছবছৰ থাকিব পাৰে আৰু তাত থকা কোম্পানীসমূহত কাম কৰিব পাৰে। কেৱল উচ্চ ক্ষমতাসম্পন্ন, উচ্চ দক্ষতাসম্পন্ন কৰ্মীসকলকহে এই সুযোগ দিয়া হয়।
অতিৰিক্ত মাচুলঃ দক্ষ বিদেশী কৰ্মী নিয়োগ কৰাৰ বাবে আমেৰিকাৰ কোম্পানীসমূহৰ ওপৰত এক লাখ ডলাৰ (প্ৰায় ৮৮ লাখ টকা) মাচুল আৰোপ কৰা হৈছে।
নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত নিৰীক্ষণঃ ট্ৰাম্প প্ৰশাসনে এতিয়া কাক নিযুক্তি দিয়া হৈছে আৰু কিয় নিযুক্তি দিয়া হৈছে সেই বাছনি প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিছে।
আমেৰিকানসকলৰ অগ্ৰাধিকাৰঃ ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগীসকলে দাবী কৰে যে বিদেশী কৰ্মীৰ বাবে আমেৰিকাৰ নাগৰিক নিবনুৱা সমস্যাত ভুগিছে। যদিও আমাজনকে ধৰি বহু বহুজাতিক কোম্পানীয়ে এই যুক্তিৰ বিৰোধিতা কৰি কয় যে বিদেশী দক্ষ কৰ্মীৰ অবিহনে আমেৰিকাৰ অৰ্থনীতিৰ ক্ষতিগ্ৰস্ত হ’ব।
আতংকিত বহুজাতিক কোম্পানী আৰু কৰ্মীসকল
এনে পৰিস্থিতিত আমাজনৰ দৰে বৃহৎ কোম্পানীয়ে নিজৰ কৰ্মচাৰীক সকীয়াই দিছে। জানুৱাৰী বা ডিচেম্বৰ মাহত যিসকলৰ সাক্ষাৎকাৰ আছে তেওঁলোকক দেশ এৰি নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। আনকি বৈধ ভিছা ষ্টাম্প থকাসকলকো মেয়াদ উকলি যোৱাৰ আগতেই সোনকালে আমেৰিকালৈ উভতি যাবলৈ কোৱা হৈছে।
ইপিনে, বহু আবেদনকাৰীয়ে ২০২৬ চনৰ পৰা আৰম্ভ হোৱা সাক্ষাৎকাৰ বাতিল কৰিবলৈ আনক অনুৰোধ জনাইছে, যাতে আবদ্ধ হৈ থকা কোনোৱে তেওঁলোকৰ ঠাই ল’ব পাৰে।
এই পৰিস্থিতিয়ে ভাৰতীয় পেছাদাৰীসকলৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰাই নহয়, ভাৰত-আমেৰিকাৰ কূটনৈতিক আৰু বাণিজ্যিক সম্পৰ্কতো এক নতুন অস্বস্তিৰ সৃষ্টি কৰিছে।
