আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আবেলি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰী গুৱাহাটীত উপস্থিত হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব।
২১ ডিচেম্বৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পাছতে তেওঁ নামৰূপলৈ গৈ অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন কৰিব।
উল্লেখ্য যে প্ৰায় ১.৪ লাখ বৰ্গমিটাৰত বিস্তৃত উক্ত নৱ-নিৰ্মিত সংহত নতুন টাৰ্মিনেল ভৱনটোক বছৰি ১.৩ কোটি যাত্ৰীক পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াক ৰাণৱে’, এয়াৰফিল্ড চিষ্টেম, এপ্ৰন আৰু টেক্সিৱে’ৰ ব্যাপক উন্নীতকৰণেৰে সমৃদ্ধ কৰা হৈছে।
টাৰ্মিনেলটোত উত্তৰ-পূৰ্বাঞ্চলত স্থানীয়ভাৱে উপলব্ধ প্ৰায় ১৪০ মেট্ৰিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে। ইয়াৰে কাজিৰঙাৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য, জাপি আকৃতি, মোহনীয়া গঁড়ৰ প্ৰতীক আৰু কপৌ ফুলক প্ৰতিফলিত কৰা ৫৭ বিধ অৰ্কিড-আধাৰিত স্তম্ভ সংস্থাপন কৰা হৈছে। লগতে, প্ৰায় এক লাখ থলুৱা প্ৰজাতিৰ উদ্ভিদেৰে এক অনন্য “স্কাই ফৰেষ্ট” নিৰ্মাণ কৰা হৈছে।
টাৰ্মিনেলটোৱে যাত্ৰীসকলৰ সা-সুবিধা আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। দ্ৰুত, নন-ইন্ট্ৰাছিভ চিকিউৰিটি স্ক্ৰিনিঙৰ বাবে ফুল-ব’ডি স্কেনাৰ, ‘ডিজিযাত্ৰা’-চালিত কন্টেক্টলেছ ট্ৰেভেল, স্বয়ংক্ৰিয় বেগেজ পৰিচালনা, ফাষ্ট-ট্ৰেক ইমিগ্ৰেচন আৰু এআই-চালিত এয়াৰপ’ৰ্ট অপাৰেচনে নিৰৱচ্ছিন্ন, নিৰাপদ আৰু ফলপ্ৰসূ যাত্ৰা নিশ্চিত কৰিব।
২১ ডিচেম্বৰৰ পুৱা নামৰূপলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰ দৰ্শন কৰিব। ইয়াত তেওঁ এখনি বিদেশী-মুক্ত অসম আৰু ৰাজ্যখনৰ পৰিচয় ৰক্ষাৰ সামূহিক সংকল্পক মূৰ্ত কৰা ছবছৰীয়া জন আন্দোলন, ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
তাৰ পাছত প্ৰধানমন্ত্ৰীয়ে অসমৰ ডিব্ৰুগড়ৰ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেড (BVFCL)-ৰ বৰ্তমানৰ চৌহদত নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমিপূজন কৰিব।
১০,৬০০ কোটি টকাৰো অধিক আনুমানিক বিনিয়োগ সাপেক্ষে স্থাপন কৰিবলগীয়া প্ৰকল্পটোৱে অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণ, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস, যথেষ্ট নিয়োগ সৃষ্টি কৰিব আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰিব।
