ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ৰাষ্ট্ৰীয় স্বীকৃতি পালে অসমৰ নাগী হাঁহ আৰু ৰাজদীঘেলী ৰাজহাঁহে

অসমৰ পশুপালন খণ্ডৰ বাবে এক গৌৰৱৰ খবৰ। শেহতীয়াকৈ ৰাজ্যৰ দুবিধ থলুৱা হাঁহৰ প্ৰজাতিয়ে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) ৰ অধীনস্থ ৰাষ্ট্ৰীয় জীৱ-জন্তু জীনিয় সমল ব্যুৰো (NBAGR) এ অসমৰ ‘নাগী হাঁহ’ আৰু ৰাজহাঁহৰ ‘ৰাজদীঘলী’ প্ৰজাতিটোক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে।

খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ড০ গালীব উজজামানৰ নেতৃত্বত চলি থকা প্ৰায় ২৫ বছৰীয়া সুদীৰ্ঘ গৱেষণাৰ অন্তত নাগী হাঁহে এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এই প্ৰজাতিটো ঘাইকৈ বৰাক উপত্যকাৰ কাছাৰ আৰু শ্ৰীভূমি (কৰিমগঞ্জ) জিলাত পোৱা যায়। পৰম্পৰাগতভাৱে পালন কৰি অহা এই হাঁহবিধে বছৰত প্ৰায় ১৫০ টাকৈ কণী পাৰে।

আনহাতে, অসম পশু আৰু মৎস্য বিজ্ঞান বিশ্ববিদ্যালয় তথা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞানীসকলৰ নেৰানেপেৰা গৱেষণাৰ ফলত ৰাজদীঘেলী ৰাজহাঁহৰ প্ৰজাতিটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পৰিচয় লাভ কৰিছে।

উল্লেখ্য যে এই ৰাষ্ট্ৰীয় স্বকৃতিয়ে অসমৰ থলুৱা হাঁহৰ প্ৰজাতি দুটাৰ বংশগত গুণাগুণ সংৰক্ষণ কৰাত সহায় কৰিব। লগতে, থলুৱা পালকসকলৰ বাবে ই এক নতুন উপাৰ্জনৰ পথ মুকলি কৰিব আৰু বাণিজ্যিকভাৱে ইয়াৰ চৰ্চা বৃদ্ধি পাব।