গোৱাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত দেশৰ পৰা পলাই যোৱা ‘বৰ্চ বাই ৰোমিঅ‘ লেন‘ নাইট ক্লাবৰ স্বত্বাধিকাৰী সৌৰভ লুথ্ৰা আৰু গৌৰৱ লুথ্ৰাক অৱশেষত থাইলেণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে। ইণ্ডিগো বিমানত উঠি পলাই যোৱাৰ পিছত থাইলেণ্ডৰ হোটেল ইণ্ডিগোত আশ্ৰয় লোৱা এই ভাতৃদ্বয়ক থাইলেণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ঘটনাৰ বিবৰণ অনুসৰি, যোৱা শনিবাৰে নাইট ক্লাবটোত জুই লগাৰ সময়ত লুথ্ৰা ভাতৃদ্বয় দিল্লীত এখন বিয়াত আছিল। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছত তেওঁলোকে দেওবাৰে পুৱা প্ৰায় ৫ বজাত ইণ্ডিগোৰ বিমানত উঠি দিল্লীৰ পৰা থাইলেণ্ডৰ ফুকেটলৈ পলায়ন কৰে। সূত্ৰ অনুসৰি, ফুকেটৰ ‘হোটেল ইণ্ডিগো‘ত দুয়ো ভাতৃয়ে আছিল।
ইফালে, গোৱা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰিছিল আৰু লগতে পাছপ‘ৰ্ট বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন জনাইছিল। সেই অনুসাৰে পাছপ‘ৰ্ট বাতিল কৰা হয়, যাৰ ফলত লুথ্ৰা ভাতৃদ্বয়ে থাইলেণ্ডৰ পৰা সাৰি যাব নোৱাৰিলে।
পাছপ‘ৰ্ট বাতিল হোৱাৰ পিছতে থাইলেণ্ড আৰক্ষীয়ে হোটেল ইণ্ডিগোত অভিযান চলায় আৰু দুয়ো ভাতৃক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ সকলো সামগ্ৰী জব্দ কৰি ইমিগ্ৰেচন ডিটেনচন চেণ্টাৰলৈ লৈ যোৱা হয়।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত গোৱা আৰক্ষীয়ে লুথ্ৰা ভাতৃদ্বয়ৰ সন্ধানত তেওঁলোকৰ ঘৰত জাননী সংলগ্ন কৰিছিল। তেওঁলোকৰ অৱস্থান নিৰ্ণয় কৰিব নোৱাৰাত লুকআউট চাৰ্কুলাৰ জাৰি কৰি চিবিআইৰ সহায়ত ইন্টাৰপোলক খবৰ দিয়া হৈছিল। ইন্টাৰপোলে পাছত ব্লু কৰ্ণাৰ নটিচো জাৰি কৰে।
থাইলেণ্ডত গ্ৰেপ্তাৰ হোৱাৰ পিছতো লুথ্ৰা ভাতৃদ্বয়ে তেওঁলোকৰ অধিবক্তাৰ জৰিয়তে দিল্লী আদালতত আগতীয়া জামিনৰ বাবে আবেদন জনাইছিল। অৱশ্যে আদালতে তেওঁলোকৰ আবেদন মঞ্জুৰ নকৰিলে।
বৰ্তমান দুয়ো ভাতৃক দেশলৈ ঘূৰাই অনাৰ প্ৰস্তুতি চলি আছে। গোৱা আৰক্ষীৰ ডিজি আলোক কুমাৰে জানিবলৈ দিয়া মতে, লুথ্ৰা ভাতৃদ্বয়ক ঘৰলৈ ঘূৰাই আনিবলৈ কমেও চাৰিদিন লাগিব পাৰে। থাইলেণ্ডৰ পৰা গোৱালৈ পোনপটীয়া বিমান নথকাৰ বাবে প্ৰথমে লুথ্ৰাক দিল্লীলৈ অনা হ‘ব আৰু তাৰ পিছত গোৱালৈ লৈ যোৱা হ‘ব। ইয়াৰ বাবে গোৱা আৰক্ষীৰ এটা দল থাইলেণ্ডলৈ ৰাওনা হৈছে।
