লোকসভাই মঙলবাৰে ‘বাতিল আৰু সংশোধনী বিধেয়ক, ২০২৫’ গৃহীত কৰি চৰকাৰে “অচল” বুলি চিহ্নিত কৰা ৭১খন পুৰণি আইন বাতিল কৰাৰ পথ প্ৰশস্ত কৰে।
কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিধেয়কখন উত্থাপন কৰি কয় যে এই পদক্ষেপৰ মূল লক্ষ্য হৈছে ঔপনিৱেশিক যুগৰ অৱশিষ্ট প্ৰভাৱ আঁতৰাই দেশৰ আইনী ব্যৱস্থাক অধিক সহজ কৰি তোলা।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বহু আইন কেইবা দশক ধৰি কাৰ্যকৰী হৈ থকা নাই আৰু সেইবোৰে কেৱল আইনী জটিলতাহে বৃদ্ধি কৰিছে। এই বিধেয়কে পুৰণি আইন বাতিল কৰাৰ লগতে আইন প্ৰণয়নৰ সময়ত ৰৈ যোৱা ভুল আৰু বৈষম্যমূলক ধাৰাসমূহো সংশোধন কৰিব।
বাতিলকৰণৰ বাবে প্ৰস্তাৱিত আইনসমূহৰ ভিতৰত ১৮৮৬ চনৰ ভাৰতীয় ট্ৰামৱে আইন, ১৯৭৬ চনৰ লেভি চেনিৰ মূল্য সমতা পুঁজি আইন আৰু ১৯৮৮ চনৰ ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ কৰ্মচাৰীৰ সেৱা চৰ্ত সম্পৰ্কীয় আইন।
ইয়াৰ উপৰিও, ১৮৯৭ চনৰ সাধাৰণ দফা আইন আৰু ১৯০৮ চনৰ দেৱানী প্ৰক্ৰিয়া সংহিতাত পৰিভাষাৰ আধুনিকীকৰণ কৰা হৈছে। লগতে ২০০৫ চনৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ কিছুমান খচৰা সম্পৰ্কীয় ভুলো এই বিধেয়কৰ জৰিয়তে সংশোধন কৰা হ’ব।
অৱশ্যে, বিৰোধী দলসমূহে এই বিধেয়কখনৰ সমালোচনা কৰিছে। কংগ্ৰেছ সাংসদ ডিন কুৰিয়াকোছে আৰু অন্যান্য বিৰোধী সদস্যসকলে কয় যে বিগত দুবছৰত গৃহীত হোৱা কিছুমান শেহতীয়া আইনো এই বিধেয়কৰ জৰিয়তে আঁতৰোৱা হৈছে, যাৰ প্ৰাসংগিকতা সন্দেহজনক। সমাজবাদী পাৰ্টিৰ সাংসদ লালজী বৰ্মাই চৰকাৰক “অতি খৰখেদা”কৈ আইন গৃহীত কৰাৰ অভিযোগ উত্থাপন কৰে।
চৰকাৰী তথ্য অনুসৰি, ২০১৪ চনৰ পৰা এতিয়ালৈকে চৰকাৰে ১,৫০০ৰো অধিক পুৰণি আইন বাতিল কৰিছে। লোকসভাত গৃহীত হোৱাৰ পাছত এতিয়া এই বিধেয়কখন চূড়ান্ত অনুমোদনৰ বাবে ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ’ব।
