ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

লোকসভাত চিগাৰেট, চোবাই খোৱা ধঁপাত, পাণ মছলাৰ দাম বৃদ্ধিৰ প্ৰস্তাৱ : বিৰোধিতা তৃণমূলৰ

সোমবাৰে লোকসভাত উত্থাপন কৰা হয় চেণ্ট্ৰেল এক্সাইজ (সংশোধনী) বিল, ২০২৫ আৰু হেল্থ ছিকিউৰিটি ছে নেচনেল ছিকিউৰিটি ছেছ বিল, ২০২৫।

এই বিলসমূহ গৃহীত হ’লে দেশত চিগাৰেট, ধঁপাতজাতীয় সামগ্ৰী আৰু পাণ মছলাৰ উৎপাদনৰ ব্যয় ব্যাপকভাৱে বৃদ্ধি পাব।

আজি দুপৰীয়া দেশৰ চিগাৰেট উৎপাদনকাৰী কোম্পানী আইটিচিৰ শ্বেয়াৰ মাত্ৰ ০.১ শতাংশ বৃদ্ধি হয়। পুৱা কোম্পানীটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল। আনহাতে, গডফ্ৰে ফিলিপছ ইণ্ডিয়াৰ শ্বেয়াৰ ১.২ শতাংশ লোকচান হয়। ভিএছটি ইণ্ডাষ্ট্ৰীজেও মাত্ৰ ২৫৪.৯০ টকাৰহে লাভৰ মুখ দেখে। কেন্দ্ৰীয় চৰকাৰে এই দুয়োখন বিলতে চিগাৰেটকে ধৰি বিভিন্ন ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃহৎ হাৰত বঢ়োৱাৰ প্ৰস্তাৱ আগবঢ়াইছে।

বিলৰ প্ৰস্তাৱ অনুসৰি প্ৰতি হাজাৰ চিগাৰেটত ২,৭০০ টকাৰ পৰা ১১,০০০ টকালৈকে কৰ আৰোপ কৰা হ’ব।

৬৫ মিলিমিটাৰৰ ফিল্টাৰ চিগাৰেটত প্ৰতি হাজাৰত ৩,০০০ টকা আৰু ৬৫-৭০ মিলিমিটাৰ ফিল্টাৰ চিগাৰেটৰ প্ৰতি হাজাৰত ৪,৫০০ টকা দাম বৃদ্ধি হ’ব পাৰে।

চিগাৰ, চিগাৰেট আৰু চোবাই খোৱা ধঁপাতত ২৫ শতাংশ শুল্ক লগোৱাৰ প্ৰস্তাৱ বিলখনত আছে।

পাণ মছলাৰ ক্ষেত্ৰত মেচিনৰ উৎপাদন ক্ষমতাৰ ওপৰত ভিত্তি কৰি কৰ আৰোপ কৰা হ’ব।

কেন্দ্ৰীয় অন্তঃশুল্ক সংশোধনী বিল, ২০২৫-ৰ মূল লক্ষ্য হ’ল জিএছটি ৰেহাইৰ ঠাইত এককালীন কৰ আৰোপ কৰা। ইয়াৰ জৰিয়তে চিগাৰেট, চোবাই খোৱা ধঁপাত, চিগাৰ, জৰ্দা, হুক্কা আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অন্তঃশুল্ক লগাই বিত্তীয় ঘাটিৰ পৰিমাণ কমাই অনা।

আনহাতে, হেল্থ ছিকিউৰিটি ছে নেচনেল ছিকিউৰিটি ছেছ বিল, ২০২৫-ত পাণ মছলাৰ উৎপাদনৰ ওপৰত ছেছ (Cess) সংগ্ৰহৰ প্ৰস্তাৱ আছে। ছেছ ৰেহাইৰ যুগ শেষ হ’লে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত ৪০ শতাংশ জিএছটিৰ লগতে অন্তঃশুল্ক বহিব। পাণ মছলাৰ ওপৰত ৪০ শতাংশ জিএছটিৰ লগতে হেল্থ ছিকিউৰিটি ছে নেচনেল ছিকিউৰিটি ছেছ বহিব। এই বিলত জনস্বাস্থ্যক ৰাষ্ট্ৰীয় স্বাস্থ্যৰ সৈতে জড়িত বুলি ব্যাখ্যা কৰা হৈছে।

তৃণমূল কংগ্ৰেছৰ সৌগত ৰায়ে দুয়োখন বিলৰে বিৰোধিতা কৰিছে। তেওঁ মন্তব্য কৰে যে ধঁপাত অত্যন্ত ক্ষতিকাৰক, কিন্তু কেন্দ্ৰীয় বিলখনত সেই কথাৰেই উল্লেখ নাই। তেওঁ লগতে কয় যে ছেছৰ পৰা অহা আয় ৰাজ্যৰ সৈতে জড়িত নহয়, সেয়েহে তেওঁ এই বিলৰ বিৰোধিতা কৰিছে।