ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

কিমান ভাৰতীয়ক বিতাড়িত কৰিছে আমেৰিকাই; সংসদত জনালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে

কিছুদিন পূৰ্বে ৭৩ বছৰীয়া হৰজিৎ কৌৰক আমেৰিকাৰ পৰা ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে। লগতে ভাৰতলৈ ঘূৰাই পঠোৱাৰ পূৰ্বে তাত নিৰ্যাতন চলাইছিল বুলিও অভিযোগ উত্থাপন হৈছে। ইয়াকে লৈ বিতৰ্ক আৰম্ভ হয়। তাৰমাজতে মাজতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাৰ পৰা কিমান ভাৰতীয়ক বিতাড়িত কৰা হৈছে তাৰ তথ্য দিলে।

তেওঁ জনায় যে চলিত বৰ্ষত এতিয়ালৈকে ৩ হাজাৰৰো অধিক ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে। বৃহস্পতিবাৰে ৰাজ্যসভাৰ অধিৱেশনত এই কথা জনাইছে ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ মুঠ ৩২৫৮গৰাকী ভাৰতীয় নাগৰিকক আমেৰিকাই এতিয়ালৈকে ভাৰতলৈ বিতাড়িত কৰিছে। ইয়াৰে ২০৩২ (প্ৰায় ৬২.৩ শতাংশ) লোকক নিয়মীয়া বাণিজ্যিক বিমানেৰে বিতাড়িত কৰা হৈছিল। বাকী ১২২৬গৰাকী (৩৭.৬ শতাংশ) আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (আইচিই) বা আমেৰিকাৰ কাষ্টমছ এণ্ড বৰ্ডাৰ প্ৰটেকচন (চিবিপি)ৰ দ্বাৰা পৰিচালিত চাৰ্টাৰ বিমানেৰে আহিছিল।

তেওঁ লগতে কয় যে যোৱা বছৰ এই সংখ্যা আছিল ১৩৬৮। ২০২৩ চনত আমেৰিকাই ৬১৭ জন ভাৰতীয় নাগৰিকক বিতাড়িত কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে ২০০৯ চনৰ পৰা আমেৰিকাই ১৮ হাজাৰ নাগৰিকক ভাৰতলৈ বিতাড়িত কৰিছে।

ইয়াৰ সমান্তৰালকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে জনায় যে কিমানজন লোকৰ সৰবৰাহ হৈছে তাৰো তদন্ত চলি আছে। মানৱ সৰবৰাহৰ বিষয়টো নিয়াই (NIA) তদন্ত কৰি আছে। তেওঁ ৰাজ্যসভাত জনায় যে সৰ্বাধিক মানৱ সৰবৰাহৰ ঘটনা পঞ্জাৱৰ পৰা সংঘটিত হৈছে।