এক দীঘলীয়া প্ৰতিবাদ তথা উত্তপ্ত পৰিস্থিতিৰ অন্তত অৱশেষত তেজপুৰ বিশ্ববিদ্যালয়ে জ্যেষ্ঠ অধ্যাপক ড°ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক বৃহস্পতিবাৰে নিশা ভাৰপ্ৰাপ্ত উপাচাৰ্য (Acting Vice Chancellor) হিচাপে নিযুক্তি দিয়ে। তেওঁ দায়িত্ব গ্ৰহণ কৰাৰ পিছতহে চৌহদৰ ক্ৰমবৰ্ধমান উত্তেজনা স্বাভাৱিক হ’ব বুলি আশা কৰা হৈছে।
বিশ্ববিদ্যালয় খনৰ পৰিস্থিতি লৈ লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জ্যেষ্ঠ অধ্যাপক ড° ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে মনোনীত কৰে। তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ জেষ্ঠ অধ্যাপক আছিল। তেঁও বিশ্ববিদ্যালয়খনত ৩০ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে।
উল্লেখ্য যে ১৯৯৩ চনৰ তেজপুৰ বিশ্ববিদ্যালয় আইন অনুসৰি, যদি উপাচাৰ্য দীৰ্ঘদিন ধৰি অনুপস্থিত থাকে তেনে পৰিস্থিত প্ৰতিষ্ঠানটোৰ জেষ্ঠ অধ্যাপকে দায়িত্ব লয়। উপাচাৰ্য শম্ভু নাথ সিঙৰ দীৰ্ঘদিনীয়া অনুপস্থিতিৰ বাবেই এই নিয়ম এতিয়া প্ৰযোজ্য হৈছে বুলি এটা চৰকাৰী জাননীত উল্লেখ কৰা হৈছে।
দায়িত্ব লোৱাৰ ঠিক পিছতেই ড° ভট্টাচাৰ্যই সংবাদ মাধ্যক সম্বোধন কৰি কয়, এই নতুন ভূমিকা “কঠিন”, কিন্তু তেওঁ আশাবাদী যে তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ জৰিয়তে পৰিস্থিতি সোনকালে স্বাভাৱিক অৱস্থালৈ আনিবলৈ সক্ষম হ’ব।
বিশ্ববিদ্যালয়খনত উত্থাপিত দুৰ্নীতিৰ অভিযোগসমূহকো তেওঁ মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি দি কয়, “এই দাবীসমূহ গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হ’ব। আৰু দোষীয়ে উচিত শাস্তি লাভ কৰিব।”
শিক্ষকসকলেও এই প্ৰতিবাদত যোগদান কৰি সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্বচ্ছতাৰ অভাৱৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে শীঘ্ৰে বিশ্ববিদ্যালয় খনৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ আৰু ভৱিষ্যতৰ নিযুক্তিত স্বচ্ছতা নিশ্চিত কৰিবৰ বাবে হস্তক্ষেপ কৰিবলৈ ৰাষ্ট্ৰীয় শিক্ষা মন্ত্ৰালয়ক আহ্বান জনাইছে।
