ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা প্ৰাক্তন বিধায়ক তেজ প্ৰতাপ যাদৱে প্ৰায় তিনি বছৰ ধৰি বিদ্যুৎ বিল পৰিশোধ নকৰাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। তেওঁৰ চৰকাৰী বাসগৃহৰ বিদ্যুৎ বিলৰ বকেয়া বৰ্তমান ৩.৫ লাখ টকাৰো অধিক হৈছেগৈ। এই সন্দৰ্ভত বিহাৰৰ চৰকাৰী বিদ্যুৎ বিতৰণ কোম্পানীৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে— নিয়ম উলংঘা কৰি ইমান বৃহৎ বকেয়া জমা হোৱাৰ পিছতো তেজ প্ৰতাপৰ বাসগৃহৰ বিদ্যুৎ সংযোগ কিয় বিচ্ছিন্ন কৰা নহ’ল?
প্ৰাক্তন বিধায়ক তেজ প্ৰতাপে বৰ্তমানো তেওঁৰ বিধায়ক কালত লাভ কৰা চৰকাৰী বাসগৃহতে বাস কৰি আছে। বিদ্যুৎ বিতৰণ কোম্পানীটোৰ তথ্য অনুসৰি, পাটনাৰ বেউৰত থকা তেজ প্ৰতাপৰ ঘৰৰ বিদ্যুৎ বিল তেওঁ ২০২২ চনৰ জুলাই মাহৰ পৰা পৰিশোধ কৰা নাই। ফলস্বৰূপে, বিগত তিনি বছৰত বকেয়াৰ পৰিমাণ ৩ লাখ ৬১ হাজাৰ টকালৈ বৃদ্ধি পাইছে।
বিদ্যুৎ বিতৰণ কোম্পানীটোৰ এজন বিষয়াই জনোৱা মতে, গ্ৰাহক একাউণ্ট নম্বৰ ১০১২৩২৪৫৬-ত শেষবাৰৰ বাবে বিল পৰিশোধ কৰা হৈছিল ২০২২ চনৰ ২০ জুলাই তাৰিখে, য’ত ১ লাখ ৪ হাজাৰ ৭৯৯ টকাৰ বিল পৰিশোধ কৰা হৈছিল। ইয়াৰ পিছত চলিত বৰ্ষৰ নৱেম্বৰ মাহলৈকে আন কোনো বিল পৰিশোধ কৰা নহ’ল।
প্ৰশাসনিক সূত্ৰৰ মতে, নিয়ম অনুসৰি বিদ্যুতৰ বিলৰ বকেয়া ২৫ হাজাৰ টকাৰ অধিক হ’লে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা উচিত। কিন্তু তেজ প্ৰতাপৰ ক্ষেত্ৰত এই বকেয়া ৩.৫ লাখ টকা অতিক্ৰম কৰিছে। ইমান বৃহৎ বকেয়া জমা হোৱাৰ পিছতো বিদ্যুৎ বিতৰণ কোম্পানীয়ে কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সেই লৈ প্ৰশাসনিক মহলত প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে, কোম্পানীটোৰ এজন বিষয়াই জনাইছে যে বকেয়া ধন সংগ্ৰহৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।
উল্লেখযোগ্য যে লালু প্ৰসাদ যাদৱে পূৰ্বে ডাঙৰ পুত্ৰ তেজ প্ৰতাপক ‘দায়িত্বহীন আচৰণ’ আৰু ‘পাৰিবাৰিক মূল্যবোধক অপমান কৰা’ৰ বাবে দল আৰু পৰিয়ালৰ পৰা আঁতৰাই ৰাখিছিল। ইয়াৰ পিছত তেজ প্ৰতাপে নিজাকৈ ‘জনশক্তি জনতা দল’ গঠন কৰিছিল। সদ্য সমাপ্ত বিহাৰ নিৰ্বাচনত তেওঁ নিজৰ পুৰণি সমষ্টি মহুৱাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজিত হয়।
