২৫ বছৰ পূৰ্বে যাদুকৰ পি চি চৰকাৰ জুনিয়ৰে সমগ্ৰ তাজমহল ‘যাদু’ৰ দ্বাৰা অন্তৰ্ধান কৰিছিল। ২৫ বছৰৰ পাছত সেই ঘটনাটো পুনৰাবৃত্তিৰ দৰে হ’ল। শনিবাৰে পুৱা ৭ বজাত আগ্ৰাত নিৰুদ্দেশ হয় তাজমহল! এই সমগ্ৰ ঘটনাত আচৰিত হৈ পৰিছে পৰ্যটকসকল।
আচলতে আজি পুৱা দিল্লী আৰু কাষৰীয়া অঞ্চলবোৰ ধোঁৱাৰ ডাঠ তৰপেৰে আৱৰি ধৰিছিল। দৃশ্যমানতা কাৰ্যতঃ শূন্যলৈ হ্ৰাস পালে। আগ্ৰাতো একেই ছবি দেখা গ’ল। ধোঁৱাৰ ডাঠ তৰপেৰে আৱৰি ধৰিছিল তাজমহল। পৃথিৱীৰ সপ্তম আশ্চৰ্য্য সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ’ল। এই ঘটনাত পৰ্যটকসকলো আচৰিত হৈ পৰে। শনিবাৰে পুৱা তাজমহলৰ এই ছবিখন ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
মন কৰিবলগীয়া যে প্ৰদূষণে আৱৰি ধৰিছে ৰাজধানী দিল্লী। ফলত ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ‘ধোঁৱা’ৰ সৃষ্টি হৈছে, যাৰ ফলত দৃশ্যমানতা কাৰ্যতঃ শূন্যলৈ হ্ৰাস পোৱাৰ লগতে জনজীৱনতো ব্যাঘাত জন্মিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি শনিবাৰে পুৱা দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৩৮০। আজি পুৱা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান সেৱা পলম হয়। ১০০ৰো অধিক বিমান বাতিল কৰা হয়। নিৰ্ধাৰিত সময়ৰ পিছত বহু বিমান ৰাওনা হয় আৰু ৰেল সেৱাও ব্যাহত হৈ পৰে।
স্মৰ্তব্য যে প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজধানীত সৰ্বোচ্চ পৰ্যায়ৰ নিয়ম প্ৰণয়ন কৰা হৈছে। ইয়াৰ পিছতো দিল্লীৰ বায়ুৰ গুণাগুণ উন্নত হোৱা নাই। শেহতীয়াকৈ দিল্লী চৰকাৰে প্ৰদূষণ ৰোধৰ বাবে ‘ক্লাউড ছিডিং’ৰ ব্যৱস্থা কৰিছে। কিন্তু তিনিটা বিফল পৰীক্ষাত প্ৰায় ১.০৭ কোটি টকা ব্যয় কৰা হয় যদিও সফলতা লাভ কৰিব পৰা নগ’ল।
