শোণিতপুৰ জিলাৰ তেজপুৰত এক বৃহৎ সন্দেহজনক ধন লেনদেনৰ ঘটনা পোহৰলৈ আহিছে, যাৰ সৈতে ডুবাইৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত তেজপুৰ আৰক্ষীয়ে এগৰাকী মহিলাসহ একেটা পৰিয়ালৰ চাৰিজন সদস্যক আটক কৰিছে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, তেজপুৰৰ কেইবাজনো লোকৰ বেংক একাউণ্টলৈ ডুবাইৰ পৰা বিপুল পৰিমাণৰ ধন প্ৰবাহিত হোৱাৰ সন্দেহজনক তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। এই তথ্যানুসন্ধানৰ অংশ হিচাপে বৃহস্পতিবাৰে নিশা তেজপুৰৰ বৰঝাৰগাঁও অঞ্চলত এক বিশেষ অভিযান চলোৱা হয়।
আটক কৰা লোককেইজন হ’ল— জুতিকা কলিতা, জিতু কলিতা, চিমু দাস, আৰু অভিজিৎ দাস।
সন্দেহজনক লোককেইজনৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে গুৰুত্বপূৰ্ণ সামগ্ৰী জব্দ কৰে, যাৰ ভিতৰত আছে ৪৪ খন এ টি এম কাৰ্ড, ১৭ খন বেংক পাছবুক, চেকবুক, এখন পাছপৰ্ট।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, একেটা পৰিয়ালৰ সদস্য এইসকল লোকৰ একাউণ্টত বিদেশৰ পৰা ধন লেনদেনৰ গোপন তথ্য লাভ কৰাৰ পিছতহে আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰ কৰি তোলে। অতিৰিক্ত আৰক্ষী অধীক্ষক অংকুৰজ্যোতি বৰাই সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মন্তব্য কৰিছে।
“আমাৰ এছ এছ পি ছাৰৰ এটা বিশেষ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত আমি কিছুমান খবৰ পালোঁ যে আমাৰ তেজপুৰৰ কেইজনমান বাসিন্দা, তেওঁলোকৰ যিখিনি বেংক একাউণ্ট তাৰ লগত বাহিৰৰ পৰা যথেষ্টখিনি বিদেশী ধনৰ লেনদেন হৈ আছে। সেই খবৰৰ ভিত্তিত আমি যিজনক মুখ্য অভিযুক্ত বুলি সন্দেহ কৰিছিলোঁ, তেখেতৰ ঘৰত যাওঁ। তেখেতৰ ঘৰত আমি বহুকেইখন এ টি এম কাৰ্ড, চেকবুক, পাছবুক আৰু পাছপ’ৰ্ট জব্দ কৰোঁ। তেওঁ ডুবাইলৈ অহা-যোৱা কৰে আৰু ডুবাইত কাম কৰে বুলি আমাক জনাইছে। বাকী আমাৰ তদন্ত চলি আছে। সবিশেষ তদন্তৰ পিছতহে ক’ব পাৰিম।”
আৰক্ষীৰ সন্দেহ অনুসৰি আটকাধীন জুতিকা কলিতাই কেইবাবাৰো ডুবাই ভ্ৰমণ কৰিছিল। অৱশ্যে, তদন্তৰ স্বাৰ্থত কিমান ধনৰ লেনদেন হৈছিল আৰু ইয়াৰ সঠিক উৎস কি, সেই বিষয়ে আৰক্ষীয়ে এই পৰ্যন্ত প্ৰকাশ কৰা নাই।
শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে অনুমান কৰিছে যে বিদেশৰ সৈতে সংযোগ থকা এই ধন লেনদেনৰ আঁৰত কোনো গুৰুত্বপূর্ণ ৰহস্য লুকাই আছে। ধনৰ উৎস, উদ্দেশ্য আৰু সম্ভাৱ্য জালিয়তিত আন কাৰোবাৰ হাত আছে নেকি, সেই বিষয়ে তেজপুৰ আৰক্ষীয়ে বৰ্তমান সোধা-পোছা আৰু অনুসন্ধান অব্যাহত ৰাখিছে।
