ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

আৰ জি কৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰ কলিকতা উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ উচ্চতম ন্যায়ালয়ৰ

বুধবাৰে (১৭ ডিচেম্বৰ, ২০২৫) উচ্চতম ন্যায়ালয়ে আৰ জি কৰ মেডিকেল কলেজৰ প্ৰশিক্ষাৰ্থী চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ গোচৰটো কলিকতা উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰে। শীৰ্ষ আদালতে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদনসমূহৰ শুনানিৰ বাবে এক উপযুক্ত বিভাগীয় বিচাৰপীঠ গঠন কৰিবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে, ২০২৪ চনত উচ্চতম ন্যায়ালয়ে এই গোচৰটোৰ ওপৰত নিজে (Suo Motu) হস্তক্ষেপ কৰিছিল।

ন্যায়াধীশ এম এম সুন্দেশ আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে গোচৰটোৰ নথি-পত্ৰসমূহ উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। পশ্চিম বংগৰ চিকিৎসক আৰু ভুক্তভোগীৰ পিতৃ-মাতৃৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কৰুণা নন্দীয়ে গোচৰটো দিল্লী উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰিবলৈ আবেদন জনাইছিল যদিও শীৰ্ষ আদালতে সেই আবেদন নাকচ কৰে।

লগতে, ভুক্তভোগীৰ অভিভাৱকক চিবিআইৰ (CBI) তদন্তৰ স্থিতি প্ৰতিবেদনৰ (Status Report) এটা প্ৰতিলিপি দিবলৈ পঞ্জীয়কক নিৰ্দেশ দিয়ে।

স্মৰ্তব্য যে, বিগত বৰ্ষৰ ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ৰ আলোচনা কক্ষত (Seminar Room) স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। তাৰ পিছদিনাই কলকাতা আৰক্ষীয়ে নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰে।

চলিত বৰ্ষৰ ২০ জানুৱাৰীত কলকাতাৰ বিচাৰ বিভাগীয় আদালতে এই গোচৰত মূল অভিযুক্ত সঞ্জয় ৰায়ক “মৃত্যু পৰ্যন্ত আজীৱন কাৰাদণ্ড”ৰ নিৰ্দেশ দিয়ে। এই জঘন্য অপৰাধৰ ফলত সমগ্ৰ দেশজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল আৰু পশ্চিম বংগত দীৰ্ঘদিন ধৰি প্ৰতিবাদ চলিছিল।

প্ৰাথমিক দোষী সাব্যস্ত হোৱাৰ পিছতো উচ্চতম ন্যায়ালয়ে চিকিৎসকসকলৰ অনুপস্থিতি নিয়মীয়া কৰাকে ধৰি গোচৰটোৰ সৈতে জড়িত অন্যান্য আনুংগিক দিশসমূহ নিৰীক্ষণ কৰি আছে।