ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

আৰাৱলী পৰ্বতমালাক লৈ দিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে পৰিৱেশ কৰ্মীসকল

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক লৈ ক্ষুব্ধ হৈ পৰিছে পৰিৱেশ কৰ্মীসকল। ইয়াৰ ফলত ৰাজস্থান, দিল্লী, গুজৰাট আৰু হাৰিয়ানাত ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে আৰাৱলী পৰ্বতমালাৰ ব্যাখ্যাক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে বিতৰ্কৰ। উচ্চতম ন্যায়ালয়ে এই ব্যাখ্যা গ্ৰহণ কৰি কয় যে এক নিৰ্দিষ্ট উচ্চতা আৰু ভূ-প্ৰাকৃতিক বৈশিষ্ট্য থকা অঞ্চলকহে আৰাৱলীৰ অংশ হিচাপে গণ্য কৰা হ’ব।

সংশোধিত সংজ্ঞা অনুসৰি ৰাজস্থানৰ প্ৰায় ৯০ শতাংশ আৰাৱলী পৰ্বতমালা এতিয়া আৰু সংৰক্ষিত হিচাপে নিৰ্ধাৰণ নহ’ব। কাৰণ সেই অংশৰ পাহাৰৰ উচ্চতা ১০০ মিটাৰতকৈও কম। নতুন ব্যাখ্যা অনুসৰি ১০০ মিটাৰতকৈ অধিক উচ্চতা থকাবোৰকহে সুৰক্ষিত বুলি গণ্য কৰা হ’ব।

পৰিৱেশবিদ আৰু স্থানীয় বাসিন্দাসকলে আশংকা কৰিছে যে এই সংজ্ঞাৰ ফলত ৰাজস্থান আৰু হাৰিয়ানাৰ পাহাৰীয়া অঞ্চলসমূহে আইনী সুৰক্ষা হেৰুৱাব পাৰে। উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত জয়পুৰ, আলৱাৰ, উদয়পুৰকে ধৰি কেইবাখনো জিলাত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে পৰিৱেশ কৰ্মী, ছাত্ৰ-ছাত্ৰী, অধিবক্তা আৰু গাঁৱৰ ৰাইজে।

তেওঁলোকে দাবী কৰে যে নতুন সংজ্ঞা কাৰ্যকৰী হ’লে আৰাৱলীৰ এক বৃহৎ অংশ খনন, নিৰ্মাণ আৰু উদ্যোগিক প্ৰকল্পৰ বাবে মুকলি কৰা হ’ব, যিটো পৰিৱেশৰ বাবে ক্ষতিকাৰক। ইয়াৰ দ্বাৰা আৰাৱলীৰ মৃত্যু ঘন্টা বাজি উঠিব। ইয়াৰ ফলত ভৱিষ্যতে বৃহৎ বিপদৰ সৃষ্টি হ’ব পাৰে।

আৰাৱলী পৰ্বতমালাই উত্তৰ ভাৰতৰ বাবে প্ৰাকৃতিক ঢাল হিচাপে কাম কৰে বুলি কয় প্ৰতিবাদকাৰীসকলে। ই ভূগৰ্ভস্থ পানীৰ স্তৰ ধৰি ৰাখে। দিল্লী-এনচিআৰ অঞ্চলৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই পৰ্বতমালাৰ সুৰক্ষা দুৰ্বল হ’লে পানীৰ সংকট আৰু বায়ু প্ৰদূষণ আৰু অধিক বৃদ্ধি পাব পাৰে। এই ৰায় পুনৰীক্ষণৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।

ইয়াৰ লগতে তেওঁলোকে আৰাৱালীক সম্পূৰ্ণ সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰক দাবী জনাইছে। তেওঁলোকে উন্নয়ন আৰু বাণিজ্যিক স্বাৰ্থত পৰিবেশ ধ্বংস কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে।

কিন্তু আদালতৰ নিৰ্দেশ অনুসৰি পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি অৱগত কৰিছে প্ৰশাসনে। চৰকাৰে পৰিৱেশ সুৰক্ষাৰ বিষয়টোক গুৰুত্বসহকাৰে লৈছে। পিচে, এই ৰায়ক কেন্দ্ৰ কৰি যি ক্ষোভ আৰু উদ্বেগ উদ্ভৱ হৈছে সেয়া ৰাজস্থানত এক বৃহৎ পৰিৱেশ আন্দোলনৰ ৰূপ লৈছে বুলি ধাৰণা কৰিছে সচেতন মহলে।