দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ সমীপৰ এখন বাৰত দেওবাৰে পুৱতি নিশা অচিনাক্ত বন্দুকধাৰীয়ে কৰা গুলীচালনাত অতি কমেও ৯ জন লোকৰ মৃত্যু হয়। চহৰখনৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত অৱস্থিত বেকাৰছডাল নামৰ সোণখনি এলেকাটোৰ এখন বাৰত নিশা প্ৰায় ১ বজাত প্ৰায় ১২ জনীয়া এটা দুৰ্বৃত্তৰ দলে এই আক্ৰমণ চলায়। এই ঘটনাত আন ১০ জন লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে প্ৰথমে ১০ জন লোকৰ মৃত্যু হোৱা বুলি জনাইছিল যদিও পিছত মৃতকৰ সংখ্যা ৯ জন বুলি নিশ্চিত কৰে।
আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে দুখন বাহনত অহা আক্ৰমণকাৰীয়ে বাৰখনৰ ভিতৰত থকা লোকসকললৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল আৰু পলায়ন কৰাৰ সময়তো নিৰৱচ্ছিন্নভাৱে গুলী বৰ্ষণ কৰিছিল। প্ৰাদেশিক আৰক্ষী আয়ুক্ত মেজৰ জেনেৰেল ফ্ৰেড কেকানাই জনোৱা মতে, নিহতসকলৰ ভিতৰত বাৰখনৰ বাহিৰত ৰৈ থকা এজন অনলাইন কেব চালকো আছে।
আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰীৰ সন্ধানত ব্যাপক তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে মহাদেশখনৰ আটাইতকৈ উদ্যোগিক ৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাত শেহতীয়াকৈ অপৰাধ আৰু দুৰ্নীতিৰ মাত্ৰা বৃদ্ধি পাইছে। আৰক্ষীৰ মতে, এনেধৰণৰ গুলীচালনাৰ ঘটনা প্ৰায়েই অপৰাধী গোটৰ মাজত হোৱা হিংসাৰ পৰিণতি বুলি পৰিগণিত হয়।
ইয়াৰ পূৰ্বে যোৱা ৬ ডিচেম্বৰত ৰাজধানী প্ৰিট’ৰিয়াৰ ওচৰৰ এখন হোষ্টেলত বন্দুকধাৰীয়ে চলোৱা আক্ৰমণত ৩ বছৰীয়া শিশুসহ ১২ জন লোক নিহত হৈছিল। দক্ষিণ আফ্ৰিকাত আগ্নেয়াস্ত্ৰৰ মালিকীস্বত্বৰ আইন কঠোৰ হোৱা স্বত্বেও দেশখনত অবৈধ বন্দুকৰ প্ৰচলন এক ডাঙৰ সমস্যা হৈ থিয় দিছে। চৰকাৰী তথ্য অনুসৰি, চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত দেশখনত প্ৰতিদিনে গড়ে ৬৩ জনকৈ লোকৰ মৃত্যু হৈছে। ডকাইতি আৰু অপৰাধী গোটৰ মাজত হোৱা হিংসাই এই মৃত্যুৰ সংখ্যা বৃদ্ধিত মুখ্য ভূমিকা পালন কৰিছে। শেহতীয়াকৈ যোৱা ছেপ্টেম্বৰ মাহত ইষ্টাৰ্ণ কেপ প্ৰদেশত ১৮ জন লোকক একেলগে গুলীয়াই হত্যা কৰা হৈছিল।
