চাৰি মাহৰ স্থিতাৱস্থাৰ অন্তত থাইলেণ্ড আৰু কম্বোডিয়াৰ সীমান্তত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে। যোৱা দেওবাৰে আৰম্ভ হোৱা সংঘৰ্ষত দুয়োখন দেশৰ কমেও ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত ছয়জন কম্বোডিয়ান আৰু এজন থাইলেণ্ডৰ সেনা জোৱান।
সোমবাৰে নিশা সীমান্ত অঞ্চলত থাইলেণ্ডৰ বাহিনীৰ গোলাবৰ্ষণত দুজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে কম্বোডিয়াত দুদিনত মুঠ মৃত্যুৰ সংখ্যা ৬জনলৈ বৃদ্ধি পাইছে। আনহাতে, থাইলেণ্ডে কয় যে তেওঁলোকৰ এজন সৈনিকে প্ৰাণ হেৰুৱাইছে।
কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন সেনে সাধাৰণ নাগৰিকৰ ওপৰত কৰা এই আক্ৰমণক গৰিহণা দিয়ে। তেওঁ কয়, “থাইলেণ্ডে নিজৰ সাৰ্বভৌমত্ব ৰক্ষাৰ অজুহাতত সাধাৰণ নাগৰিকক আক্ৰমণ কৰিছে—এয়া সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়।”
আনহাতে, মঙলবাৰে পুৱা এক বিবৃতিত থাইলেণ্ডৰ নৌসেনাই কয় যে ট্ৰাট প্ৰদেশৰ উপকূলীয় অঞ্চলত কম্বোডিয়াৰ সৈন্যৰ উপস্থিতি অনুভৱ কৰি তেওঁলোকক অনুসৰণ কৰা হয়। কম্বোডিয়াৰ বাহিনী পিছুৱাই যায়।
থাইলেণ্ডে কম্বোডিয়াৰ সৈন্যই স্থল আৰু জলসীমাত গধুৰ অস্ত্ৰ আৰু স্নাইপাৰ মোতায়েন কৰাৰ লগতে সীমান্তত খাদ খান্দি নিজৰ স্থান সুদৃঢ় কৰাৰ অভিযোগ উত্থাপন কৰিছে। থাইলেণ্ডৰ নৌসেনাই এনে কাৰ্যকলাপক নিজৰ সাৰ্বভৌমত্বৰ প্ৰতি “প্ৰত্যক্ষ আৰু গুৰুতৰ ভাবুকি” বুলি ভাবে।
পান্না ত্ৰিভুজ বা এমাৰ্লড ট্ৰায়েংগল নামেৰে পৰিচিত অঞ্চলটোক লৈ ১১৮ বছৰীয়া বিবাদৰ মাজত আবদ্ধ হৈ পৰিছে দুয়োখন দেশ। থাইলেণ্ড, কম্বোডিয়া আৰু লাওছৰ সীমাত থকা এই অঞ্চলটো প্ৰাচীন মন্দিৰ আৰু ধৰ্মীয় স্থানৰ বাবে পৰিচিত। দুয়োখন দেশেই এই ভূখণ্ডক নিজৰ বুলি দাবী কৰে।
১৯০৭ চনত এই বিবাদ আৰম্ভ হৈছিল, যেতিয়া ফ্ৰান্সে—যিসকলে তেতিয়া কম্বোডিয়াত শাসন কৰিছিল—পান্না ত্ৰিভুজক কম্বোডিয়াৰ অংশ হিচাপে দেখুওৱা এখন মানচিত্ৰ প্ৰকাশ কৰিছিল। তেতিয়াৰ পৰাই থাইলেণ্ডে ইয়াৰ বিৰুদ্ধে আপত্তি কৰি আহিছে। ১৯৫৩ চনত স্বাধীনতা লাভ কৰাৰ পিছত কম্বোডিয়াই এই ভূখণ্ডৰ ওপৰত নিয়ন্ত্ৰণ অক্ষুণ্ণ ৰাখিছিল, যাৰ ফলত সম্পৰ্ক আৰু অধিক জটিল হৈ পৰে।
দীৰ্ঘদিনীয়া সংঘাতৰ অন্তত প্ৰায় ১৫ বছৰ পূৰ্বে দুয়োখন দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। কিন্তু যোৱা বছৰৰ মে’ মাহৰ পৰা পুনৰ উত্তেজনা বৃদ্ধি পাইছে। জুলাই মাহত ৫ দিনীয়া সংঘাতত ৪৮ জন লোক নিহত হোৱাৰ লগতে ৩ লাখ লোক নিৰাপদ স্থানলৈ পলায়ন কৰিবলৈ বাধ্য হয়। পিছত আমেৰিকা আৰু মালয়েছিয়াৰ মধ্যস্থতাত যুদ্ধবিৰতি ঘটে।
থাইলেণ্ডৰ ছি ছা কেট প্ৰদেশত দেওবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া ২ বজাৰ পিছত পুনৰ যুদ্ধ আৰম্ভ হয়। ইয়াৰ পূৰ্বে থাইলেণ্ডে কম্বোডিয়াই ৰাষ্ট্ৰসংঘত লেণ্ডমাইন ৰোপণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই লেণ্ডমাইনৰ বিস্ফোৰণত থাইলেণ্ড আৰু চীনৰ নাগৰিক আহত হোৱা বুলিও দাবী কৰে। থাইলেণ্ডে ৰাষ্ট্ৰসংঘক তদন্ত কৰিবলৈ আহ্বান জনায়।
অভিযোগ উত্থাপন হোৱাৰ কেইঘণ্টামান পিছতে কম্বোডিয়াৰ সৈন্যই ছি ছা কেট সীমান্তত গুলীচালনা কৰি দুজন থাই সৈনিকক আহত কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে থাইলেণ্ডৰ বাহিনীয়ে কম্বোডিয়াৰ ভিতৰত বিমান আক্ৰমণ চলায়। তেতিয়াৰ পৰাই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। দুয়োখন দেশৰ সীমান্তত এতিয়াও উত্তেজনা অব্যাহত আছে।
