পুনৰ গৰ্ভৱতী পাকিস্তানী বোৱাৰী সীমা হায়দাৰ। অতি সোনকালে তেওঁ ষষ্ঠটি সন্তানৰ জন্ম দিব। শেহতীয়াকৈ নিজৰ ইউটিউব চেনেলত এই তথ্য প্ৰকাশ কৰিছে ‘পাকিস্তানী ভাবি’ নামেৰে জনপ্ৰিয় এই মহিলাগৰাকীয়ে। সীমাৰ পুনৰ গৰ্ভৱতী হোৱাৰ খবৰ পোহৰলৈ অহাৰ পিছতে ছ’চিয়েল মিডিয়াত এই বিষয়ে চৰ্চা আৰম্ভ হৈছে। ইটোৰ পিছত সিটো সন্তান জন্ম দিয়াৰ ঘটনাত নেটনাগৰিকসকলে সীমাক কটাক্ষ কৰিবলৈ এৰা নাই।
প্ৰেমৰ তাড়নাত সীমা দুবছৰ পূৰ্বে চাৰিটা সন্তানৰ সৈতে নেপাল সীমান্তৰে অবৈধভাৱে ভাৰতলৈ আহিছিল। তেওঁ উত্তৰ প্ৰদেশৰ শচীন মীনাক বিয়া কৰাইছিল। ইয়ালৈ আহি তেওঁ হিন্দু ধৰ্মও গ্ৰহণ কৰিছিল। তেতিয়াৰে পৰা পাক বোৱাৰী সীমা বিভিন্ন কাৰণত শিৰোনামত আছে। বিভিন্ন আইনী প্ৰত্যাহ্বানৰ মাজতো তেওঁ ইয়াত সুখেৰে সংসাৰ কৰি আছিল। শচীনৰ সৈতে থকাৰ সময়তে যোৱা ১৮ মাৰ্চত তেওঁ এটি কন্যা সন্তানৰ জন্ম দিয়ে, যাৰ নাম ৰখা হয় ভাৰতী। সীমাৰ মুঠ পাঁচটা সন্তান আছে, যাৰ ভিতৰত ৪টা সন্তান পাকিস্তানত থকা তেওঁৰ স্বামী গুলাম হায়দাৰৰ।
যোৱা বৃহস্পতিবাৰে ইউটিউবত সীমাই পোষ্ট কৰা ভিডিঅ’টোত দেখা গৈছে যে সীমাৰ ডাঙৰ পুত্ৰই মাকৰ পেটৰ ফালে আঙুলিয়াই কৈছে, “এতিয়া আমি ৬টা ভাই-ভনী হ’ম।” সীমাই হাঁহি হাঁহি তাৰ মুখ বন্ধ কৰি দিছে।
ভিডিঅ’টোত সীমাই ইংগিত দি কয় যে শচীনে এতিয়া গধুৰ বস্তু উঠোৱাৰ দৰে কাম কৰিবলৈ দিয়া নাই। ইফালে এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে নেটনাগৰিকসকলে কটাক্ষ কৰিবলৈ এৰা নাই। কোনোবাই লিখিছে, ‘আৰু লাজৰ সীমা নাভাঙিব।’ আন কোনোবাই লিখিছে, ‘সন্তান জন্মৰ ক্ষেত্ৰত তেওঁ পাকিস্তানী ৰীতি-নীতি পালন কৰিছে।’
