ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

যোৱা ৫ বছৰত দেশৰ ৮৪ হাজাৰৰো অধিক বিদ্যালয়ত বন্ধ হৈছে মধ্যাহ্ন ভোজন, তৃতীয় স্থানত অসম

সমগ্ৰ দেশৰ চৰকাৰী আৰু চৰকাৰী পৃষ্ঠপোষকতাৰ বিদ্যালয়সমূহত আতংকৰ সৃষ্টি হৈছে! চৰকাৰী তথ্য অনুসৰি বিগত পাঁচ বছৰত শিক্ষাৰ্থীৰ বিদ্যালয় এৰাৰ সংখ্যা আতংকজনকভাৱে বৃদ্ধি পাইছে।

ইপিনে, স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত আন এক হতাশাজনক ছবি পোহৰলৈ আহিছে। বিগত পাঁচ বছৰত ৮৪ হাজাৰৰো অধিক বিদ্যালয় কেন্দ্ৰৰ পি এম পোষাণ (পূৰ্বৰ মধ্যাহ্ন ভোজন) আঁচনিৰ পৰিসৰৰ বাহিৰত গৈছে। অৰ্থাৎ এই বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়া ৰন্ধা খাদ্য লাভ কৰা নাই।

ডাবল ইঞ্জিনযুক্ত তিনিখন ৰাজ্য – উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু অসম-সংখ্যাৰ ফালৰ পৰা শীৰ্ষত আছে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বুধবাৰে সংসদত এই তথ্য দাখিল কৰে। কিন্তু কিয় হাজাৰ হাজাৰ বিদ্যালয় এই কেন্দ্ৰীয় আঁচনিৰ পৰিসৰৰ বাহিৰত ৰৈছে? কোনো স্পষ্ট কাৰণ উল্লেখ নকৰাকৈয়ে ৰাজ্যসমূহৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে মোডী চৰকাৰে।

সংসদত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে শিশু আৰু আন্তঃগাঁথনিৰ বাবে গৰম আৰু পুষ্টিকৰ ৰন্ধা খাদ্য যোগান ধৰাৰ সামগ্ৰিক দায়িত্ব ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনৰ ওপৰত।

পূর্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত বিদ্যালয় ত্যাগ আৰু শিশুৰ অপুষ্টি ৰোধৰ বাবে মধ্যাহ্ন ভোজন (মিড-ডে মিল) আঁচনি আৰম্ভ কৰা হৈছিল৷ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চলি থকা এন ডি এ চৰকাৰৰ সময়ছোৱাত আঁচনিখনৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ (PM Poshan) আঁচনি কৰা হৈছে।

কিন্তু এই কেন্দ্ৰীয় আঁচনিৰ মৰ্যাদা কি? আপৰ সাংসদ সঞ্জয় সিঙে এই সন্দৰ্ভত চৰকাৰৰ পৰা তথ্য জানিব বিচাৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে চলিত শীতকালীন অধিবেশনত ৰাজ্যসভাত এই সন্দৰ্ভত তথ্য দাখিল কৰে।

তেওঁ কয় যে ২০২০-২১ চনত এই আঁচনিৰ অধীনত ১১ লাখ ১৯ হাজাৰ বিদ্যালয় আছিল। ২০২৪-২৫ চনত এই সংখ্যা ১০ লাখ ৩৫ হাজাৰ বিদ্যালয়লৈ হ্ৰাস পাইছে। বিগত পাঁচ বছৰত মুঠ ৮৪ হাজাৰ ৪৫৩খন বিদ্যালয়ত (৭.৫ শতাংশ) পি এম পোষণ আঁচনিৰ সুবিধাসমূহ বন্ধ হৈ আছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই পাঁচ বছৰত ২০২০-২১ৰ পৰা ২০২১-২২ বৰ্ষৰ ভিতৰত মাত্ৰ এবছৰত সৰ্বাধিক ৩৫ হাজাৰ ৫৭৪খন বিদ্যালয়ত পি এম পোষণ বন্ধ হৈ পৰিছে।

ইয়াৰ পিছত ২০২২-২৩ চনত ৭,৬০৪ (০.৭ শতাংশ) বিদ্যালয়ে ছাত্র-ছাত্রীক ৰন্ধা আহাৰ, ২০২৩-২৪ চনত ৯,৫০৯ (০.৮৮ শতাংশ) বিদ্যালয়ে আৰু ২০২৪-২৫ চনত ৩১,৭৬৬ (২.৯৮ শতাংশ) বিদ্যালয়ে ছাত্র-ছাত্রীক ৰন্ধা খাদ্য যোগান বন্ধ কৰি দিয়ে৷

কেন্দ্ৰই সংসদত দাখিল কৰা তথ্যত কোৱা হৈছে যে ৰাজ্যৰ ক্ষেত্ৰত পি এম পোষণ বন্ধ কৰি দিয়া বিদ্যালয়ৰ সৰ্বাধিক সংখ্যা উত্তৰ প্ৰদেশত। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৰাজ্যত এনে বিদ্যালয়ৰ সংখ্যা ২৫,৩৬১ খন।

তাৰ ঠিক পিছতেই আন এখন বিজেপি শাসিত ৰাজ্য মধ্যপ্ৰদেশ। এই প্ৰকল্প বন্ধ কৰা বিদ্যালয়ৰ সংখ্যা ২৪,৭০৪ খন। তালিকাৰ তিনি নম্বৰ স্থানত আছে ডাবল ইঞ্জিন ৰাজ্য অসম। অসমত এনে বিদ্যালয়ৰ সংখ্যা হ’ল ৯,৩২১খন।

সমগ্ৰ দেশৰ ৮৪,৪৫৩খন বিদ্যালয়ৰ ভিতৰত য’ত পাঁচ বছৰত পিএম পোষণ দিয়া বন্ধ কৰা হৈছে, তাৰ ভিতৰত কেৱল এই তিনিখন ডাবল ইঞ্জিনযুক্ত ৰাজ্যতে আছে প্ৰায় ৫৯,৪০০খন বিদ্যালয়।