কেৰেলাৰ স্থানীয় সংস্থাসমূহৰ ২০২৫ চনৰ নিৰ্বাচনৰ ফলাফলত ৰাজ্যখনত কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত গণতান্ত্ৰিক মৰ্চাই সামগ্ৰিকভাৱে সফলতা অৰ্জন কৰিলেও, ৰাজধানী থিৰুৱনন্তপুৰমত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDAৰ ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে। ৰাজধানী চহৰখনত বিজেপি নেতৃত্বাধীন NDAৰ এই জয়ে কেৰেলাৰ ৰাজনীতিত এক নতুন ধাৰা সূচনা কৰিছে বুলিও চৰ্চা চলিছে। এই ফলাফলক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক শক্তিশালী ৰাজনৈতিক ইংগিত হিচাপে গণ্য কৰা হৈছে।
এই নিৰ্বাচনৰ আটাইতকৈ উল্লেখযোগ্য সফলতা হৈছে থিৰুৱনন্তপুৰম পৌৰ নিগমত বিজেপিৰ বৃহৎ বিজয়। এই কৰ্পোৰেচনখন বিগত ৪৫ বছৰ ধৰি বাওঁ গণতান্ত্ৰিক মৰ্চা অৰ্থাৎ LDFৰ দুৰ্গ হিচাপে পৰিচিত আছিল। মুঠ আসন ১০১ খন আসনৰ ভিতৰত BJP নেতৃত্বাধীন NDAএ ৫০ খন আসন লাভ কৰি একক বৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে বিগত ৪৫ বছৰ ধৰি ক্ষমতাত থকা বাওঁ গণতান্ত্ৰিক মৰ্চা অৰ্থাৎ LDF-এ মাত্ৰ ২৯ খন আসনতে সন্তুষ্ট থাকে। এই জয়ে কেৱল বিজেপিৰ বাবে এক স্থানীয় সফলতা নহয়, ই কেৰেলাৰ ৰাজধানী অঞ্চলৰ ৰাজনৈতিক সমীকৰণত এক স্পষ্ট পৰিৱৰ্তন আনিছে।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰৰ লোকসভা আসন হোৱা সত্ত্বেও এই ফলাফলত বিজেপিৰ ক্ৰমবৰ্ধমান প্ৰভাৱ স্পষ্ট হৈ পৰিছে। ইপিনে আন আন পৌৰসভাসমূহত কংগ্ৰেছ নেতৃত্বাধীন UDF-এ আধিপত্য বিস্তাৰ কৰিলেও, বিজেপিয়ে কেইবাখনো গুৰুত্বপূৰ্ণ পৌৰসভাত নিজৰ স্থিতি দৃঢ় কৰিছে। পালাক্কাদ পৌৰসভাখন বিজেপিয়ে এই একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা ধৰি ৰাখিবলৈ সক্ষম হৈছে।
ত্রিপুনিথুৰা পৌৰসভাখন বিজেপি নেতৃত্বাধীন এনডিএ-এ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছে। বিজেপিৰ এই সফলতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছে আৰু থিৰুৱনন্তপুৰমৰ এই ৰায়দানক ‘কেৰেলাৰ ৰাজনীতিত এক যুগান্তকাৰী মুহূৰ্ত’ বুলি অভিহিত কৰিছে। এই স্থানীয় নিৰ্বাচনৰ ফলাফলক ২০২৬ চনৰ কেৰেলা বিধানসভা নিৰ্বাচনৰ আগৰ এক গুৰুত্বপূৰ্ণ মাপকাঠী হিচাপে দেখা হৈছে। ই বাওঁ দলৰ দীৰ্ঘদিনীয়া শাসনৰ বিৰুদ্ধে জনসাধাৰণৰ পৰিৱৰ্তনৰ আকাংক্ষাৰ প্ৰতিফলন ঘটাইছে আৰু চহৰাঞ্চলত বিজেপিৰ প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ ইংগিত বহন কৰিছে বুলিও চৰ্চা চলিছে।
