ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

গঁড়ৰ অস্তিত্ব ৰক্ষাৰ অভিনৱ কৌশল! ৭৮% হ্ৰাস পালে চোৰাং চিকাৰ

বিশ্বজুৰি গঁড়ৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। তথ্য অনুসৰি, ২০২৪ চনলৈকে বিশ্বত ২৮ হাজাৰতকৈও কম গঁড় জীৱিত আছে; যি এসময়ত থকা লাখ লাখ গঁড়ৰ তুলনাত অতি নগণ্য। গঁড়ৰ খৰ্গৰ ক’লা বজাৰত থকা উচ্চ মূল্যৰ বাবেই চোৰাং চিকাৰীয়ে ইহঁতক লক্ষ্য কৰি লয়। এই খৰ্গসমূহ ‘ষ্টেটাছ চিম্বল’ হিচাপে অথবা ভিয়েটনাম আৰু চীনত কোনো বৈজ্ঞানিক ভিত্তি নথকা পৰম্পৰাগত ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

দক্ষিণ আফ্ৰিকাৰ গ্ৰেটাৰ ক্ৰুগাৰ অঞ্চলত ২০১৭ চনৰ পৰা ২০২৩ চনৰ ভিতৰত সংৰক্ষিত বনাঞ্চলসমূহে প্ৰায় ২,০০০ গঁড় চোৰাং চিকাৰৰ ফলত হেৰুৱাইছে। তহলদাৰী বাহিনী, কুকুৰ, এআই (AI) কেমেৰা আৰু ড্ৰ’নৰ ব্যৱহাৰৰ নামত প্ৰায় ৭৪ মিলিয়ন ডলাৰ ব্যয় কৰা সত্ত্বেও চোৰাং চিকাৰ সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা নগ’ল।

এই জটিল পৰিস্থিতিত ‘Science’ আলোচনীত প্ৰকাশিত এক নতুন অধ্যয়নে আশাৰ বতৰা কঢ়িয়াই আনিছে। সাত বছৰত ১১খন সংৰক্ষিত বনাঞ্চলৰ তথ্য বিশ্লেষণ কৰি গৱেষকসকলে দেখা পাইছে যে গঁড়ৰ খৰ্গ চ্ছেদ (Dehorning) পদ্ধতিয়ে চোৰাং চিকাৰ প্ৰায় ৭৮% হ্ৰাস কৰিছে। আঠখন সংৰক্ষিত বনাঞ্চলত ২,২৮৪টা গঁড়ৰ খৰ্গ চ্ছেদ কৰিবলৈ চোৰাং চিকাৰ বিৰোধী মুঠ বাজেটৰ মাত্ৰ ১.২% হে ব্যয় হৈছিল।

এই প্ৰক্ৰিয়াত পশু চিকিৎসকে গঁড়ক অস্থায়ীভাৱে সংজ্ঞাহীন (Tranquilize) কৰি খৰ্গৰ ৯০–৯৩% অংশ কাটি পেলায়। যিহেতু খৰ্গ পুনৰ গজি উঠে, সেয়েহে ই গঁড়ৰ বিশেষ ক্ষতি নকৰে। দেখা গৈছে যে খৰ্গ নথকা গঁড়সমূহ খৰ্গ থকা গঁড়তকৈ চোৰাং চিকাৰৰ পৰা ৯৫% অধিক সুৰক্ষিত।

অধ্যয়নত উল্লেখ কৰা হৈছে যে নিয়মিত টহল আৰু গ্ৰেপ্তাৰে সহায় কৰে যদিও দুৰ্বল আইন আৰু দুৰ্নীতিয়ে চোৰাং চিকাৰ সম্পূৰ্ণৰূপে ৰোধ কৰাত বাধাৰ সৃষ্টি কৰে। ভাৰতৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদাহৰণ দাঙি ধৰি বিশেষজ্ঞসকলে কয় যে স্থানীয় সমাজৰ অংশগ্ৰহণ, উন্নত তহলদাৰী ব্যৱস্থা আৰু ৰেঞ্জাৰসকলৰ সুৰক্ষা—এই সকলোবোৰৰ সমন্বয় থাকিলেহে গঁড় সংৰক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ সফল হ’ব।