পাকিস্তানী চোৰাংচোৱা সংস্থাৰ কৰ্মীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত অসমৰ শোণিতপুৰ জিলাত ভাৰতীয় বায়ুসেনাৰ (IAF) এজন অৱসৰপ্ৰাপ্ত জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে।
অতিৰিক্ত আৰক্ষী অধীক্ষক হৰিচৰণ ভূমিজে সদৰী কৰা মতে, ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাথমিক তদন্তত এই কথা পোহৰলৈ আহিছে যে অভিযুক্তই সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানী এজেণ্টৰ সৈতে স্পৰ্শকাতৰ নথি-পত্ৰ তথা গোপনীয় তথ্য আদান-প্ৰদান কৰিছিল।
আৰক্ষীয়ে জোৱানজনৰ লেপটপ আৰু মোবাইল ফোন জব্দ কৰিছে। হৰিচৰণ ভূমিজে জনোৱা অনুসৰি, যদিও কিছুমান তথ্য ডিলিট কৰা হৈছে, তথাপিও সকলো ডিভাইচ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
এই সন্দৰ্ভত বিএনএছ (BNS)ৰ সংশ্লিষ্ট শাখাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে বুলি বিষয়াগৰাকীয়ে সদৰী কৰে।
