ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

সেনাক লৈ মন্তব্য: ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালতৰ কাৰ্যবিধিত ২২ এপ্ৰিললৈ স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে (৪ ডিচেম্বৰ, ২০২৫) কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ভাৰতীয় সেনাক লৈ কৰা মন্তব্যৰ সৈতে জড়িত এক গোচৰত কাৰ্য্যবিধি স্থগিত ৰখাৰ অন্তৱৰ্তীকালীন আদেশ ২২ এপ্ৰিললৈ বৃদ্ধি কৰে।

ন্যায়াধীশ এম এম সুন্দৰেশ আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে গান্ধীয়ে দাখিল কৰা আবেদন স্বীকাৰ কৰি বিষয়টো বিতংভাৱে শুনানি গ্ৰহণ কৰিব বুলি জনায়।

এই গোচৰটো এলাহাবাদ উচ্চ ন্যায়ালয়ে ২৯ মে’ত দিয়া আদেশক প্ৰত্যাহ্বান জনাই গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানিৰ সৈতে জড়িত, য’ত উচ্চ ন্যায়ালয়ে বিচাৰ আদালতৰ চমন আদেশক প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰিছিল।

পূৰ্বে ৪ আগষ্টত শীৰ্ষ আদালতে লক্ষ্ণৌৰ আদালতত চলি থকা এই গোচৰৰ অধিক কাৰ্য্যবিধি পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে স্থগিত ৰাখিছিল।

শুনানিৰ সময়ত বিচাৰপীঠে গান্ধীৰ কথিত মন্তব্যৰ বিষয়ে প্ৰশ্ন কৰিছিল, “আপুনি কেনেকৈ জানিব যে ভাৰতৰ ২০০০ বৰ্গ কিলোমিটাৰ ভূখণ্ড চীনে দখল কৰিছে? আপুনি তাত আছিল নেকি? আপোনাৰ হাতত কোনো বিশ্বাসযোগ্য সামগ্ৰী আছেনে?” আদালতে লগতে কৈছিল, “আপুনি কোনো তথ্য নোহোৱাকৈ কিয় এই বক্তব্য দিয়ে? যদি আপুনি এজন প্ৰকৃত ভাৰতীয় হয় তেন্তে আপুনি এনে কথা নক’ব।”

ইয়াৰ পিছতে শীৰ্ষ আদালতে উত্তৰ প্ৰদেশ চৰকাৰ আৰু গোচৰৰ অভিযোগকাৰীক জাননী জাৰি কৰি গান্ধীৰ আবেদন সন্দৰ্ভত তেওঁলোকৰ প্ৰতিক্ৰিয়া বিচাৰিছিল।

গান্ধীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভীয়ে যুক্তি দিছিল যে যদি বিৰোধী দলৰ নেতাই বিষয় উত্থাপন কৰিব নোৱাৰে তেন্তে সেয়া এক দুৰ্ভাগ্যজনক পৰিস্থিতি হ’ব। তেওঁ ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতাৰ ২২৩ নং ধাৰাটোৰ কথা উল্লেখ কৰি কয় যে আদালতে অপৰাধমূলক অভিযোগৰ খবৰ লোৱাৰ পূৰ্বে অভিযুক্তৰ পূৰ্বৰ শুনানি বাধ্যতামূলক, যিটো বৰ্তমানৰ গোচৰত কৰা হোৱা নাছিল।

আদালতত দাখিল কৰা আবেদনত অভিযোগকাৰী উদয় শংকৰ শ্ৰীবাস্তৱে অভিযোগ কৰে যে ২০২২ চনৰ ডিচেম্বৰ মাহৰ যাত্ৰাৰ সময়ত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষৰ প্ৰেক্ষাপটত ভাৰতীয় সেনাৰ বিৰুদ্ধে গান্ধীয়ে কেইবাটাও অপমানজনক মন্তব্য কৰিছিল। বিচাৰ আদালতে গান্ধী ডাঙৰীয়াক মানহানিৰ অভিযোগত বিচাৰৰ সন্মুখীন হ’বলৈ অভিযুক্ত হিচাপে চমন কৰিছিল।

গান্ধীৰ অধিবক্তা প্ৰাণশু আগৰৱালে যুক্তি দিছিল যে অভিযোগবোৰ ৰচনা কৰা যেন লাগে, কেৱল অভিযোগ পঢ়িলেই। তেওঁ লগতে যুক্তি দিছিল যে গান্ধী লক্ষ্ণৌৰ বাসিন্দা নোহোৱাৰ বাবে, এই অভিযোগৰ ওপৰত তেওঁক মাতি অনাৰ আগতে বিচাৰ আদালতে অভিযোগৰ সত্যতাৰ তদন্ত কৰিব লাগিছিল, আৰু অভিযোগবোৰ প্ৰাইমা ফেচি বিচাৰৰ বাবে উপযুক্ত বুলি ধৰা পৰিলেহে তেওঁক মাতিব লাগিছিল।