ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

RBI-ৰ ডাঙৰ ঘোষণা: ঋণ লাভ হ’ব সহজ, ক্ৰেডিট স্ক’ৰ সাপ্তাহিকভাৱে হ’ব আপডেট

যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাৰণত ধনৰ প্ৰয়োজনীয়তাৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰি আছে, তেন্তে এই পৰিকল্পনা এতিয়া সহজে পূৰ হ’ব পাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) গ্ৰহণ কৰা নতুন পদক্ষেপৰ ফলত ঋণ লাভ এতিয়া যথেষ্ট সহজ হৈ পৰিছে। নতুন বছৰৰ প্ৰাকক্ষণত এইটো আপোনাৰ বাবে এক শুভ বাৰ্তাকিদৰে সম্ভৱ হ‘ব এয়া? জানো আহক।

ক্ৰেডিট স্ক’ৰত RBI-ৰ বৃহৎ ঘোষণা

ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ এক ডাঙৰ ঘোষণা কৰিছে। ৰিজাৰ্ভ বেংকৰ এই নতুন নিৰ্দেশনা অনুসৰি আপোনাৰ ক্ৰেডিট স্ক‘ৰ এতিয়া প্ৰতি মাহৰ পৰিৱৰ্তে প্ৰতি সপ্তাহত সলনি হ’ব। ইয়াৰ ফলত আপোনাৰ EMI হ্ৰাস পোৱাৰ লগতে হোম লোন বা আন যিকোনো লোন লোৱাটোও সহজ হ’ব।

সাপ্তাহিক আপডেটৰ নিৰ্দেশনা

যোৱা ৪ ডিচেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গাইডলাইন প্ৰকাশ কৰিছে। বৰ্তমান ক্ৰেডিট স্ক‘ৰৰ প্ৰতিবেদনৰ ওপৰত ঋণদানকাৰী প্ৰতিষ্ঠানসমূহ যথেষ্ট নিৰ্ভৰশীল হোৱাৰ বাবে, এই গাইডলাইন অনুসৰি এতিয়াৰ পৰা বেংকসমূহে প্ৰতি সপ্তাহত ক্ৰেডিট স্ক’ৰৰ প্ৰতিবেদন আপডেট কৰিব লাগিব।

পূৰ্বে, বিগত বৰ্ষৰ আগষ্ট মাহলৈকে বেংকসমূহে মাহেকীয়াকৈহে ক্ৰেডিট স্ক’ৰ আপডেট কৰিছিল। ২০২৪ চনৰ ৮ আগষ্টত ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সময়সীমা হ্ৰাস কৰি প্ৰতি ১৫ দিনৰ মূৰে মূৰে ক্ৰেডিটৰ তথ্য আপডেট কৰিবলৈ নিৰ্দেশ দিছিল। এতিয়া এই সময় পুনৰ হ্ৰাস কৰি সাপ্তাহিক আপডেটৰ নিৰ্দেশ দিয়া হৈছে।

RBI-ৰ নতুন গাইডলাইন অনুসৰি আপডেটৰ তাৰিখ:

  • বেংকসমূহে প্ৰতি মাহৰ ৯, ১৬, ২৩ আৰু শেষৰ দিনটোত ক্ৰেডিটৰ তথ্য আপডেট কৰিব লাগিব।
  • বিশেষকৈ, মাহৰ শেষৰ দিনটোত বা নতুন মাহৰ ৫ তাৰিখৰ ভিতৰত বেংকে ক্ৰেডিটৰ তথ্য আপলোড কৰিব লাগিব।
  • এই আপডেটসসমূহত ঋণ লোৱা ব্যক্তিজনৰ সবিশেষ তথ্য, বেংকৰ লেনদেনৰ তথ্য, আৰু সম্পূৰ্ণ ঋণৰ তথ্যও অন্তৰ্ভুক্ত থাকিব।