ভাৰতীয় বেংকিং খণ্ডত গ্ৰাহকৰ সুবিধা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে নতুন নিয়ম প্ৰণয়ন কৰি আহিছে। শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম প্ৰণয়ন কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।
২০১১ চনত আৰবিআইয়ে চেভিংছ একাউণ্টৰ সুতৰ হাৰৰ ওপৰত থকা সকলো নিয়ন্ত্ৰণ উঠাই লৈছিল (Deregulation)। ইয়াৰ ফলত, বেংকসমূহে নিজৰ বাণিজ্যিক নীতি অনুসৰি সুতৰ হাৰ নিৰ্ধাৰণ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা লাভ কৰে।
বৰ্তমানৰ বজাৰ হাৰ অনুসৰি, মুঠ জমা ধনৰ পৰিমাণ ভেদে চৰকাৰী বেংকসমূহৰ সুতৰ হাৰ সাধাৰণতে ২.৭০%ৰ পৰা ৩.৫০% লৈকে থাকে, যিটো ব্যক্তিগত খণ্ডৰ বেংকসমূহত ৩.৫০%ৰ পৰা ৪%লৈকে হ’ব পাৰে। ক্ষুদ্ৰ ফাইনেন্স বেংকসমূহতো এই হাৰ আৰু সামান্য বেছি হ’ব পাৰে। এই স্বাধীনতাই গ্ৰাহকসকলক অধিক লাভজনক বিকল্প বাছি লোৱাৰ সুযোগ প্ৰদান কৰিছে।
শেহতীয়াকৈ আৰবিআইয়ে প্ৰণয়ন কৰা নিয়ম অনুসৰি, ফিক্সড ডিপ’জিটৰ ক্ষেত্ৰত ম্যাদ পূৰ্ণ হোৱাৰ আগতে টকা উলিওৱাৰ নিয়মটোৱে গ্ৰাহকক কিছু অসুবিধা দিব পাৰে। আৰবিআইৰ নিৰ্দেশনা অনুসৰি, এনে কৰিলে বেংকসমূহে ০.৫%ৰ পৰা ১% লৈকে জৰিমনা আৰোপ কৰিব পাৰে। জৰিমনা কৰ্তন কৰাৰ পিছত, গ্ৰাহকে টকা জমা ৰখা সময়ৰ বাবে প্ৰাপ্য বাকী সুতখিনি লাভ কৰিব পাৰে।
আৰু বেংকসমূহে এফডি খোলাৰ সময়ত এই জৰিমনা আৰু চৰ্তসমূহৰ বিষয়ে গ্ৰাহকক স্পষ্টকৈ অৱগত কৰাটো বাধ্যতামূলক।
যদি কোনো এফডিৰ ম্যাদ উকলি যায় আৰু গ্ৰাহকে সেই টকা দাবী নকৰে বা নৱীকৰণৰ বাবে আবাদেন নিদিয়ে, তেন্তে সেই টকাৰ ওপৰত সুত গণনাৰ নিয়ম সলনি হয়। আৰবিআইৰ নিৰ্দেশনা অনুসৰি, বেংকে এনে ম্যাদ উকলি যোৱা (Overdue) টকাৰ ওপৰত চেভিংছ একাউণ্টৰ বৰ্তমান সুতৰ হাৰ বা ম্যাদ উকলি যোৱা এফডিৰ বাবে ধার্য কৰা হাৰ, এই দুয়োটাৰ ভিতৰত যিটো কম সেই হাৰত সুত প্ৰদান কৰিব লাগে।
বিত্তীয় বিশেষজ্ঞসকলে কয় যে, বজাৰৰ অৱস্থা আৰু বেংকৰ নিজস্ব নীতিৰ ওপৰত নিৰ্ভৰ কৰি সুতৰ হাৰৰ সালসলনি হ’ব পাৰে। ভুল তথ্যৰ পৰা নিজকে বচাই ৰাখিবলৈ, গ্ৰাহকসকলে সদায় বেংকৰ আনুষ্ঠানিক জাননী বা আৰবিআইৰ ৱেবছাইট (www.rbi.org.in) ৰ পৰা তথ্য পৰীক্ষা কৰা উচিত।
