ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

আদানী গ্ৰুপৰ সৈতে জড়িত কোম্পানীৰ বিৰুদ্ধে ৰায় দিয়াৰ বাবে একেদিনাই বদলি কৰা হ’ল ন্যায়াধীশক

ৰাজস্থানত আদানী গ্ৰুপৰ সৈতে জড়িত এটা কোম্পানীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৰায়দান কৰাৰ পাছতে এজন ন্যায়াধীশক তাৎক্ষণিকভাৱে বদলি কৰা ঘটনাই বৰ্তমান চৰ্চা লাভ কৰিছে। পাঁচ জুলাইত জয়পুৰ বাণিজ্যিক আদালতৰ ন্যায়াধীশ দীনেশ কুমাৰ গুপ্তাই আদানী গ্ৰুপৰ অংশীদাৰিত্ব থকা এটা কোম্পানীৰ বিৰুদ্ধে ১৪০০ কোটি টকাৰ অনিয়মৰ অভিযোগত এক ৰায় দিছিল। এই ৰায়দানৰ কেইঘণ্টামানৰ পাছতে ৰাজ্য চৰকাৰে তেওঁক পদৰ পৰা অপসাৰণ কৰি ২০০ কিলোমিটাৰ নিলগৰ বেৱাৰ জিলালৈ বদলি কৰে।

এই সমগ্ৰ বিতৰ্কৰ আধাৰ হ’ল ২০০৭ চনৰ হোৱা খন খনন চুক্তিত। সেই সময়ত কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে ছত্তীশগড়ৰ হাছদেও আৰণ্য অঞ্চলৰ এটা কয়লা ব্লক ৰাজস্থান ৰাজ্যিক শক্তি উৎপাদন নিগম লিমিটেডক (RVUNL) আবণ্টন দিছিল। এই চৰকাৰী কোম্পানীটোৱে পাছত আদানী গ্ৰুপৰ সৈতে মিলি পাৰ্ছা কেণ্টে কলিয়ৰীজ লিমিটেড নামৰ এটা যৌথ উদ্যোগ গঠন কৰে, ত আদানী গ্ৰুপৰ ৭৪ শতাংশ অংশীদাৰিত্ব আছিল।

চুক্তি অনুসৰি, খনিৰ পৰা কয়লা পৰিবহণৰ বাবে আদানী গ্ৰুপৰ নেতৃত্বাধীন এই কোম্পানীটোৱে এটা ৰেলৱে চাইডিং (Railway Siding) নিৰ্মাণ কৰিব লাগিছিল যাতে কয়লা পোনপটীয়াকৈ ৰেলযোগে পঠিয়াব পৰা যায়। ২০১৩ চনৰ পৰা খনন কাৰ্য আৰম্ভ হয় যদিও কোম্পানীটোৱে ৰেলৱে চাইডিং নিৰ্মাণ কৰাত ব্যৰ্থ হয়।

ইয়াৰ পৰিৱৰ্তে, কয়লাসমূহ পথেৰে ট্ৰাকৰ জৰিয়তে ৰেল ষ্টেচনলৈ নিয়া হৈছিল। যদিও মূল চুক্তিত পথ পৰিবহণৰ বাবে কোনো অতিৰিক্ত ধনৰ ব্যৱস্থা নাছিল, তথাপিও আদানী গ্ৰুপৰ কোম্পানীটোৱে ৰাজস্থান চৰকাৰৰ পৰা ১৪০০ কোটি টকাতকৈও অধিক ধন পৰিবহণ ব্যয় হিচাপে আদায় কৰিছিল।

২০১৮ চনত যেতিয়া আদানী গ্ৰুপে এই ধন পৰিশোধত পলম হোৱাৰ বাবে সুত দাবী কৰে, তেতিয়াহে সমগ্ৰ বিষয়টো পোহৰলৈ আহে আৰু চৰকাৰী কোম্পানীটোৱে ধন দিবলৈ অস্বীকাৰ কৰে। পাছত ২০২০ চনত আদানী গ্ৰুপে এই সন্দৰ্ভত আদালতৰ কাষ চাপে।

জয়পুৰ বাণিজ্যিক আদালতৰ ন্যায়াধীশ দীনেশ কুমাৰ গুপ্তাই তেওঁৰ ৰায়ত স্পষ্টকৈ উল্লেখ কৰে যে:

১/ ৰেলৱে চাইডিং নিৰ্মাণ নকৰাটো আদানী গ্ৰুপৰ কোম্পানীটোৰ ভুল আছিল, সেয়েহে ইয়াৰ বাবে হোৱা অতিৰিক্ত পথ পৰিবহণৰ খৰচ তেওঁলোকে নিজে বহন কৰিব লাগিছিল।

২/কোম্পানীটোৱে চৰকাৰী পুঁজিৰ পৰা ১৪০০ কোটি টকা অন্যায়ভাৱে আদায় কৰাই নহয়, বৰঞ্চ তাৰ ওপৰত সুত বিচাৰি অতিৰিক্ত লাভ কৰিবলৈও চেষ্টা কৰিছিল।

ন্যায়াধীশগৰাকীয়ে কোম্পানীটোক ৫০ লাখ টকাৰ জৰিমনা বিহে আৰু সমগ্ৰ চুক্তিখনৰ চি এ জি (CAG) অডিট কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। কিন্তু আচৰিত ধৰণে, এই ৰায়দানৰ দিনাই চৰকাৰৰ আইন বিভাগে তেওঁক অপসাৰণৰ নিৰ্দেশ দিয়ে আৰু উচ্চ ন্যায়ালয়ে তেওঁক বেৱাৰলৈ বদলি কৰে।

ন্যায়াধীশ গুপ্তাৰ এই ৰায়দানৰ দুসপ্তাহৰ পাছতে ৰাজস্থান উচ্চ ন্যায়ালয়ে তেওঁৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। বৰ্তমান এই গোচৰটো উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে আৰু ইয়াৰ পৰৱৰ্তী শুনানি ২০২৬ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।