ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

সংসদত বিৰল ঐক্য: বৰ্ধিত প্ৰদূষণক লৈ ৰাহুলৰ উদ্বেগ, সহমত চৰকাৰৰ

সংসদত চৰকাৰ আৰু বিৰোধীৰ মাজত ঐক্য প্ৰায় বিৰল বুলি কব পাৰি। প্ৰতিটো অধিবেশনতে হুলস্থুল, স্থগিত ৰখা আনকি ৱাকআউটৰ দৃশ্যও সচৰাচৰ দেখা যায়। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত এক ছবি দেখা গল লোকসভাত।

লোকসভাত বিৰোধী দলৰ নেতা সাংসদ ৰাহুল গান্ধীয়ে দিল্লীকে ধৰি দেশৰ মেগা চহৰসমূহত ভয়ংকৰ ৰূপ ধাৰণ কৰা প্ৰদূষণ সন্দৰ্ভত আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁৰ এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ প্ৰতি কেন্দ্ৰই সঁহাৰি জনোৱাত সংসদত এক বিৰল ঐক্য দেখা গল।

আজিৰ দিনটোতে ৰাহুলে নিজৰ বক্তব্যত কয়, “আমাৰ বেছিভাগ ডাঙৰ চহৰ প্ৰদূষিত বতাহৰ কম্বলত আৱৰি আছে। লাখ লাখ শিশু হাঁওফাওঁৰ ৰোগত আক্ৰান্ত। তেওঁলোকৰ ভৱিষ্যত ধ্বংস হৈছে। মানুহ কেন্সাৰত আক্ৰান্ত হৈছে। বৃদ্ধসকল শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। মই ভাবো এই বিষয়ত চৰকাৰ আৰু বিৰোধীয়ে একমত হব।”

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে জোৰ দি কয় যে এইটো এটা বিৰল বিষয় যাৰ ওপৰত সদনে সম্পূৰ্ণ সহমত বিচাৰি পাব পাৰে। তেওঁৰ ভাষাত “এয়া কোনো মতাদৰ্শগত বিষয় নহয়।” তেওঁৰ মতে, এনে এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাটো চৰকাৰ আৰু বিৰোধী উভয়ৰে দায়িত্ব। সেয়ে তেওঁ এই বিষয়ত সম্পূৰ্ণ বিতৰ্কৰ প্ৰস্তাৱ আগবঢ়ায়।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাহুল গান্ধীৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই কয়, “ৰাহুল গান্ধীয়ে উত্থাপন কৰা বিষয়টোও বাণিজ্য উপদেষ্টা সমিতিৰ দৃষ্টিগোচৰ কৰা হৈছে। প্ৰথম দিনাৰ পৰাই চৰকাৰে স্পষ্ট কৰি দিছে যে তেওঁলোকে সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ সাজু আৰু বিৰোধীৰ পৰামৰ্শ গ্ৰহণ কৰি সমাধান বিচাৰিবলৈ সাজু। আমি চাম এই আলোচনা কেনেকৈ আৰম্ভ কৰিব পাৰি। আমি বিষয়টো আলোচনা কৰিবলৈ সাজু।”

প্ৰসংগক্ৰমে, যোৱা কেইবছৰমানৰ পৰা দীপাৱলীৰ সময়ছোৱাত দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰাই এক আতংকজনক পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। এইবাৰো দেৱালীৰ পাছৰে পৰা দিল্লীৰ বতাহ বিষাক্ত হৈ পৰিছে। এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দিল্লী চৰকাৰে ক্লাউড ছিডিংৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। শেহতীয়াকৈ ইয়াৰ পৰীক্ষাও কৰা হৈছিল, কিন্তু কৃতকাৰ্য হোৱা নাই। অৱশ্যে, তিনিটা বিফল পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰায় ১.০৭ কোটি টকা ব্যয় কৰা হৈছে, কিন্তু কোনো লাভ হোৱা নাই। ইয়াৰ বিপৰীতে প্ৰদূষণৰ মাত্ৰা বৃদ্ধিহে পাইছে। আনকি মুম্বাইৰ দৰে চহৰতো প্ৰদূষণে শিখৰত উপনীত হৈছে। আন আন চহৰতো প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত জনসাধাৰণৰ মাজত উদ্বেগ প্ৰকাশ পাইছে। এই পৰিস্থিতিত, বিৰোধী আৰু চৰকাৰে সংসদত এই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিবলৈ সন্মত হোৱাটোৱে এক ইতিবাচক পদক্ষেপৰ ইংগিত বহন কৰিছে।