আজি সন্ধিয়া নিৰ্ধাৰিত সময়ত দিল্লীত উপস্থিত হ’লহি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। দুদিনীয়া কাৰ্যসূচীৰে তেওঁ ভাৰত ভ্ৰমণৰ বাবে আহিছে।
বৃহস্পতিবাৰে সন্ধিয়া ৬:৩৫ বজাত ৰাষ্ট্ৰপতি পুটিন দিল্লীৰ পালাম বিমানবন্দৰত উপস্থিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক বিমানবন্দৰত আদৰণি জনায়।
সূত্ৰ অনুসৰি, আজি নিশা দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ বাবে এক নৈশভোজৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি পুটিনক এক ব্যক্তিগত নৈশভোজলৈ আমন্ত্ৰণ জনাইছে।
উল্লেখযোগ্য যে, যোৱা বছৰ জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীৰ মস্কো ভ্ৰমণৰ সময়তো ৰাছিয়াই একেধৰণৰ আতিথ্য প্ৰদৰ্শন কৰিছিল।
শুক্ৰবাৰে শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব। ইয়াৰ পিছতে ভাৰতৰ সৰ্বোচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকৰ পৰম্পৰাগত স্থান হায়দৰাবাদ হাউছত বৈঠক অনুষ্ঠিত হ’ব। পুটিনে শুকুৰবাৰে পুৱা ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ যাব।
পুটিনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ৰাছিয়াৰ পৰা চাৰি ডজনৰো অধিক নিৰাপত্তা কৰ্মী আগতেই দিল্লীত আহি উপস্থিত হৈছে। দিল্লী আৰক্ষী আৰু এন এছ জি-ৰ সৈতে সমন্বয় ৰাখি তেওঁলোকে পুটিনৰ কনভয়ৰ সম্ভাব্য সকলো পথ বাৰে বাৰে পৰীক্ষা কৰি চাইছে। কনভয়ৰ গতিবিধি নিৰীক্ষণৰ বাবে এক বিশেষ নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছে। পথৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত অভিজ্ঞ স্নাইপাৰ মোতায়েন কৰা হৈছে।
