ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি; ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময়

ৰাজ্য ভ্ৰমণৰ দ্বিতীয় দিনা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ নবনিৰ্মিত ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ত অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে স্মাৰক ক্ষেত্ৰখনত থকা শ্বহীদ গেলাৰী পৰিদৰ্শন কৰে। এই গেলাৰীত ৬ বছৰীয়া বিদেশী বিতাড়ন আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ অৰ্ধাবয়ব মূৰ্তি স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা জনায়।

শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত থাকি শিক্ষামন্ত্ৰী অতুল বৰাই কয়, “অসমৰ ৰাইজৰ বাবে এয়া এক ঐতিহাসিক দিন। প্ৰধানমন্ত্ৰীয়ে ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধা জনোৱা এই কাৰ্যই অসম আন্দোলন আৰু শ্বহীদসকলৰ ত্যাগৰ কাহিনী বিশ্বদৰবাৰত পুনৰ এবাৰ প্ৰতিষ্ঠা কৰিব।”

প্ৰায় ১৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ভব্য স্মাৰক ক্ষেত্ৰত ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত এটা ‘অখণ্ড প্ৰদীপ’ প্ৰজ্বলন কৰি ৰখা হৈছে। ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তিৰ জৰিয়তে সমাপ্ত হোৱা এই আন্দোলনৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ইয়াত এক প্ৰাৰ্থনা গৃহ, প্ৰেক্ষাগৃহ, চাইকেল ট্ৰেক আৰু অসমৰ ইতিহাস প্ৰদৰ্শনৰ বাবে ‘চাউণ্ড-এণ্ড-লাইট শ্ব’ৰ ব্যৱস্থা কৰা হৈছে।

দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ উদ্বোধন কৰা গুৱাহাটী গেটৱে টাৰ্মিনেলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত এক জলযাত্ৰাত অংশ লয়। তিনি মহলীয়া বিলাসীবহুল জাহাজ ‘এম ভি চৰাইদেউ-২’ত উঠি তেওঁ ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে।

কামৰূপ, মৰিগাঁও, ডিব্ৰুগড়, কাছাৰ, শ্ৰীভূমি, বাক্সা, ডিমা হাছাও, কোকৰাঝাৰ, গোলাঘাট, কাৰ্বি আংলং আৰু নলবাৰী জিলাৰ পৰা অহা ২৫ গৰাকী নিৰ্বাচিত শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪৫ মিনিট ধৰি বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত নদী আৰক্ষী, NDRF আৰু SDRF-ৰ জোৱান মোতায়েন কৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল। শনিবাৰৰ পৰা দুদিনৰ বাবে ব্ৰহ্মপুত্ৰত ফেৰী সেৱাও বন্ধ ৰখা হৈছে।

গুৱাহাটীৰ কাৰ্যসূচী সামৰি প্ৰধানমন্ত্ৰী মোদী ইতিমধ্যে বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ ৰাওনা হৈছে। তাত তেওঁ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ আধাৰশিলা স্থাপন কৰিব আৰু হাপজানত এক বিশাল ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব।