পুলিৎজাৰ বঁটা বিজয়ী প্ৰখ্যাত সংবাদিক পিটাৰ আৰ্নেটৰ ৯১ বছৰ বয়সত মৃত্যু হৈছে। ভিয়েটনাম যুদ্ধ আৰু উপসাগৰীয় যুদ্ধৰ সাহসী, নিৰ্ভীক আৰু পক্ষপাতহীন প্ৰভাৱশালী সংবাদৰ বাবে বিশ্বজুৰি পৰিচিত। তেওঁৰ বিয়োগে আন্তঃৰাষ্ট্ৰীয় সাংবাদিকতা জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে।
নিউজিলেণ্ডত জন্মগ্ৰহণ কৰা পিটাৰ আৰ্নেটে ১৯৬০ চনত সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ এছ’চিয়েটেড প্ৰেছ (AP) আৰু পৰৱৰ্তী সময়ত চি এন এন(CNN)ৰ দৰে আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানত কাম কৰি ২০ শতিকাৰ কিছুমান ডাঙৰ সংঘাতৰ থলীৰ পৰা বাতৰি পৰিৱেশন কৰিছিল। যুদ্ধক্ষেত্ৰৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা তেওঁৰ সাহসী প্ৰতিবেদনসমূহে যুদ্ধৰ ভয়াবহ বাস্তৱতা বিশ্ববাসীৰ আগত উন্মোচন কৰিছিল।
১৯৬০-ৰ দশকত ভিয়েটনাম যুদ্ধৰ প্ৰতিবেদনৰ বাবে আৰ্নেটে ১৯৬৬ চনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন শাখাত পুলিৎজাৰ বঁটা লাভ কৰিছিল। তেওঁৰ এই প্ৰতিবেদনসমূহে যুদ্ধ সম্পৰ্কে আমেৰিকান জনমতক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।
১৯৯১ চনৰ উপসাগৰীয় যুদ্ধৰ সময়ত আৰ্নেটে বাগদাদৰ পৰা চি এন এনৰ বাবে পোনপটীয়া সংবাদ প্ৰচাৰ কৰিছিল। বোমা বিস্ফোৰণৰ মাজতো চলাই যোৱা এই সম্প্ৰচাৰে তেওঁক বিশ্বজুৰি পৰিচিত কৰি তোলে। অৱশ্যে এই সংবাদ পৰিৱেশনৰ বাবে তেওঁ আমেৰিকা চৰকাৰৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল, তথাপিও তেওঁৰ সাংবাদিকতাৰ সততা আৰু সাহসক বিশ্বই স্বীকৃতি দিছিল।
পিছলৈ আৰ্নেটে ‘Live from the Battlefield’-ৰ দৰে গ্ৰন্থ প্ৰণয়ন কৰে আৰু সাংবাদিকতাৰ অধ্যাপনাৰ সৈতে জড়িত হৈ পৰে। এজন নিৰ্ভীক যুদ্ধ সংবাদিক হিচাপে পিটাৰ আৰ্নেট সদায় স্মৰণীয় হৈ থাকিব।
