নতুন দিল্লীত আজি এক সংবাদমেলত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট দাখিল সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে।
সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ”চাৰ্জশ্বিট কেনেদৰে দাখিল কৰা হৈছে, কি কি তথ্য আছে, প্ৰমাণসমূহ কিমান ভালদৰে এছআইটিয়ে সংগ্ৰহ কৰিছে, গোটেইখিনি কথা আদালতৰ বিচাৰ প্ৰক্ৰিয়াত জানিব পৰা যাব।’’
তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনৰ দিনত একাধিক ঘটনাত বিজেপিৰ সৈতে জড়িত প্ৰভাৱশালী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ পিছত গোচৰ আদালতলৈ যায়, চাৰ্জশ্বিটো দাখিল কৰা হয় আৰু শেষত আদালতত সেয়া খাৰিজ হৈ যায়। গতিকে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ৰাইজৰ সৈতে কংগ্ৰেছ দলে সকলো লক্ষ্য কৰি থাকিব বুলিও গগৈয়ে মন্তব্য কৰে। তেওঁ আৰু কয়, ”মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে যে জুবিন গাৰ্গৰ মৃত্যু নহয়, হত্যা কৰা হৈছিল।
আজি যি চাৰ্জশ্বিট দাখিল কৰিলে তাত নিশ্চয় প্ৰমাণ থাকিব। এছআইটিয়ে যদিহে দায়িত্বসহকাৰে ভালকৈ তদন্ত কৰিছে, তেন্তে আদালতত সেই অভিযোগসমূহ প্ৰমাণ কৰিবলৈ সমৰ্থ হ’ব। তেতিয়ালৈকে চৰকাৰৰ ওপৰত আমাৰ দৃষ্টি নিৱদ্ধ থাকিব।’’ এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বিটত উল্লেখ থকা অভিযোগসমূহ আদালতত প্ৰমাণ নোহোৱা পৰ্যন্ত আৰু দোষীয়ে কঠোৰতকৈয়ো কঠোৰ শাস্তি নোপোৱা পৰ্যন্ত কংগ্ৰেছ দলে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী কৰি যাব বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
