ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

‘সঞ্চাৰ সাথী’ App আচলতে আন এটা ‘পেগাছাছ’, মাৰাত্মক অভিযোগ বিৰোধীৰ

কেন্দ্ৰই সঞ্চাৰ সাথী এপ সন্দৰ্ভত নিৰ্দেশ দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। সোমবাৰে কেন্দ্ৰই সঞ্চাৰ সাথী এপ সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰি সকলো নাগৰিকৰ বাবে ফোনত ‘সঞ্চাৰ সাথী’ এপ থকাটো বাধ্যতামূলক হ’ব বুলি উল্লেখ কৰিছিল।

ইয়াৰ পিছত জল্পনা-কল্পনা আৰম্ভ হৈছে, এইবাৰ মোডী চৰকাৰে সকলো নাগৰিকৰ ফোনো নিৰীক্ষণত ৰাখিবলৈ চেষ্টা কৰিছে নেকি?

কেন্দ্ৰৰ নিৰ্দেশৰ লগে লগে এই বিষয়ত এটা পোষ্ট কৰে কংগ্ৰেছৰ সাংসদ কাৰ্তি চিদাম্বৰমে। তেওঁ লিখিছে, “এইটো পেগাছাছ প্লাছ প্লাছ। ডাঙৰ ভাতৃয়ে (মোডীক কটাক্ষ কৰি) আমাৰ ফোন আৰু ব্যক্তিগত জীৱন সম্পূৰ্ণৰূপে দখল কৰিব।”

কাৰ্তিৰ এই পোষ্টটো অলপ অতিৰঞ্জিত বিষয় থাকিলেও এক্স হেণ্ডেলত তেওঁৰ মতামত বহুলভাৱে চৰ্চিত হ’বলৈ আৰম্ভ কৰিছে। বহু নেটিজেনেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ বিজেপি বিৰোধী শিবিৰৰ পৰা এই পোষ্টটো ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিছে।

বহুতে সন্দেহ কৰিছে, তেনেহ’লে সঞ্চাৰ সাথী কেন্দ্ৰৰ ‘পেগাছাছ’ নেকি? এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছে, “তেন্তে চৰকাৰে এতিয়া আনুষ্ঠানিকভাৱে সাধাৰণ মানুহকো নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰিছে?”

ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়েও কেন্দ্ৰৰ সঞ্চাৰ সাথী সন্দৰ্ভত দিয়া নিৰ্দেশনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁ এক্স হেণ্ডেলত লিখিছে, “সকলো মোবাইলত সঞ্চাৰ সাথী এপটো ইনবিল্ট ফিচাৰ হিচাপে ইনষ্টল কৰিবলৈ কোৱা হৈছে, এইটো ‘বিগ বছ’ৰ নিৰীক্ষণৰ বাহিৰে আন একো নহয়। ব্যক্তিগত ফোনত এনে চোৰাংচোৱাগিৰিৰ তীব্ৰ প্ৰতিবাদ কৰা হ’ব।”

ৰাজনৈতিক বিশেষজ্ঞ তেহচিন পুনৱালাইও বিৰোধীৰ সুৰতে সুৰ মিলাইছে। তেওঁ কয় যে এই এপটো সকলোৰে ফোনত প্ৰি-ইনষ্টল কৰি আনইনষ্টল কৰাৰ বিকল্প নিদিয়াৰ দ্বাৰা চৰকাৰে নিৰাপত্তাৰ আঁত ধৰি আমাৰ ফোন, লোকেশ্যন আৰু মেচেজসমূহ নিৰীক্ষণ কৰিব পাৰিব।

কিয় হৈছে এই হুলস্থুল?

সমগ্ৰ হুলস্থুল সঞ্চাৰ সাথী এপক লৈ হৈছে। দূৰসংযোগ বিভাগে মোবাইল ফোন নিৰ্মাতাসকলক সকলো নতুন মোবাইলত ‘সঞ্চাৰ সাথী’ এপটো প্ৰি-ইনষ্টল কৰিবলৈ নিৰ্দেশ দিছে আৰু ইয়াক আনইনষ্টল কৰিব নোৱাৰিব। ইয়াৰ উপৰিও এই এপটো চফটৱেৰ আপডেটৰ জৰিয়তে পুৰণি ফোনত ইনষ্টল কৰা হ’ব।

কেন্দ্ৰই কয় যে চাইবাৰ জালিয়াতি প্ৰতিৰোধৰ বাবে টেলিকম চাইবাৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আৰু ভুৱা বা নকল আইএমইআই থকা ডিভাইচৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

পেগাছাছ কি?

পেগাছাছ হৈছে ইজৰাইলৰ কোম্পানী এন এছ অ’ৰ দ্বাৰা নিৰ্মিত এটা স্পাইৱেৰ যিটো আই অ’ এছ আৰু এণ্ড্ৰইড মোবাইলত গোপনে ইনষ্টল কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এই এপটো দূৰৰ পৰাও এজন ব্যক্তিৰ ফোনত ইনষ্টল কৰিব পাৰি। বিৰোধীয়ে এই এপটোৰ সৈতে কেন্দ্রৰ সঞ্চাৰ সাথীক তুলনা কৰিবলৈ আৰম্ভ কৰিছে৷ এই এপৰ জৰিয়তে সাধাৰণ মানুহক নিৰীক্ষণ কৰা হ’ব বুলি ধাৰণাৰে শক্তিশালী ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে।