ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

বিৰোধীৰ অভিযোগ-‘কেন্দ্ৰই SIRক লৈ আলোচনা কৰিবলৈ ভয় কৰিছে’, সদনৰ বাহিৰতো বিৰোধীৰ প্ৰতিবাদ

শীতকালীন সংসদ অধিবেশন আৰম্ভ হোৱাৰ লগে লগে SIRক লৈ সংসদ উত্তপ্ত হৈ পৰিছে। বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়া (SIR) সন্দৰ্ভত আলোচনা বিচাৰিছে। কিন্তু তেওঁলোকৰ অভিযোগ যে কেন্দ্ৰই এই আলোচনাত অংশ ল’ব নিবিচাৰে কাৰণ তেওঁলোকে ভয় খাইছে। সমাজবাদী পাৰ্টিৰ এগৰাকী সাংসদৰ মুখত তেনে সুৰ শুনা গ’ল।

সমাজবাদী পাৰ্টিৰ সাংসদ বীৰেন্দ্ৰ সিঙে অভিযোগ কৰে যে, ‘SIR এটা গুৰুত্বপূৰ্ণ বিষয়। জনসাধাৰণৰ মৌলিক অধিকাৰ বিশেষকৈ ভোটাধিকাৰক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ লগতে আইন-শৃংখলা, মূল্যবৃদ্ধিক লৈও উদ্বেগ প্ৰকাশ পাইছে। ইয়াৰ পিছতো সংসদত এই বিষয়ত কোনো আলোচনা হোৱা নাই।’

তেওঁ কয়, ‘এই সকলোবোৰ প্ৰশ্ন বিজনেছ এডভাইছৰি সমিতিৰ বৈঠকত উত্থাপন কৰা হৈছিল। কিন্তু কোনো স্পষ্ট সমাধান পোৱা নগ’ল। যদি সঠিক উত্তৰ দিয়া হ’লহেঁতেন তেন্তে সংসদত ইমান হুলস্থুল নহ’লহেঁতেন৷’

চৰকাৰে আলোচনাৰ প্ৰতি আগ্ৰহী নহয় বাবেই সকলো দোষ বিৰোধীৰ ওপৰত দিয়া হৈছে বুলি অভিযোগ কৰে। তেওঁ প্ৰশ্ন কৰে, যদি চৰকাৰে নিজা সিদ্ধান্ত ল’ব বিচাৰে, তেন্তে সংসদৰ অধিৱেশনৰ কি লাভ?

মঙলবাৰে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদৰ বাহিৰত প্ৰতিবাদত যোগদান কৰে বিৰোধীয়ে। ইছ্যুটো আছিল SIR। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী, ছোনিয়া গান্ধীৰ উপৰিও আজি প্ৰতিবাদত দেখা গ’ল তৃণমূল কংগ্ৰেছৰ একাংশ সাংসদক।

বিৰোধীয়ে মঙলবাৰে সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে ৰাজ্যসভাৰ বিৰোধী দলপতি সাংসদ মল্লিকাৰ্জুন খাৰ্গেই কয় যে, “আমি গণতন্ত্ৰ ৰক্ষাৰ বাবে আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিম।”

আজি সংসদৰ কাৰ্যসূচীৰ পূৰ্বে সংসদৰ মকৰ দ্বাৰৰ বাহিৰত প্ৰতিবাদ আৰম্ভ কৰে INDIA ব্লকৰ সাংসদসকলে।

আনকি শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতো লোকসভাত দুপৰীয়া ২ বজালৈকে আৰু দিনটোৰ পিছৰ সময়খিনিতো কেইবাবাৰো সদন স্থগিত ৰখাৰ হৈছিল। বিৰোধী সদস্যসকলে ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চলি থকা এছ আই আৰ অনুশীলনৰ বিষয়ে আলোচনা কৰিবলৈ হেঁচা দিছিল।

কংগ্ৰেছৰ সাংসদ মণিকম ঠাকুৰে কয়, ‘কালি পুৱা INDIA Alliance য়ে সিদ্ধান্ত লৈছিল যে SIR আৰু নিৰ্বাচনী সংস্কাৰ সম্পৰ্কীয় বিষয়ৰ আলোচনাৰ বাবে আমি জোৰ দিম। আজি পুৱা ১০:৩০ বজাত আমি মকৰ দ্বাৰৰ সন্মুখত একেটা কথাকে দাবী কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছো। সংসদৰ বাহিৰত সকলো সাংসদে প্ৰতিবাদ কৰিবলৈ ওলাইছে।”

তদুপৰি, ঠাকুৰে কয় যে বিৰোধীয়ে এই বিষয়ত বিতৰ্ক বিচাৰে, কিয়নো ই নাগৰিকৰ ভোটাধিকাৰৰ সৈতে জড়িত।

কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয়, “আমি এজেণ্ডা প্ৰস্তাৱো দিছিলোঁ, আৰু আমি আশা কৰিছো যে সেইবোৰ গ্ৰহণ কৰা হ’ব। আমি সেই বিষয়ত বিতৰ্ক বিচাৰো। চৰকাৰে এই জটিল বিষয়টোৰ পৰা পলাব নালাগে, কিয়নো ভোটাধিকাৰ সংকটত পৰিছে। বিহাৰত ৬২ লাখ ভোটাৰ আঁতৰোৱা হৈছে। এতিয়া ১২খন ৰাজ্যত ইয়াক ৰোল আউট কৰা হৈছে। বহু বিএলঅ’ই আত্মহত্যা কৰিছে। আমি ভাৰতৰ গণতন্ত্ৰক সুৰক্ষিত কৰিব বিচাৰিছিলো। আৰু তাৰ বাবে আমাক সংসদত বিতৰ্ক প্ৰয়োজন।”

সোমবাৰে কংগ্ৰেছ সাংসদ দিগ্বিজয় সিঙে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ সৈতে তুলনা কৰি SIR অনুশীলনক নাগৰিকত্বৰ প্ৰশ্নত গভীৰভাৱে সোমাই পৰাৰ বাবে তীব্ৰ সমালোচনা কৰে।

তেওঁ কয়, ‘আমি সদায় এছ আই আৰৰ পক্ষত আছিলো। এইটো আগতেও হৈছিল। তেতিয়া এছ আই আৰ ২-৪ মাহ চলিছিল আৰু ই প্ৰতিজন নাগৰিকৰ ভোট পঞ্জীয়নৰ প্ৰক্ৰিয়া আছিল। ভোটাৰে কোনো প্ৰ-পত্ৰ পূৰণ কৰা নাছিল। বি এল অ’ই আহি সুধিছিল আৰু আমি তেওঁলোকক তথ্য দিছিলো। আমাৰ ভোট পঞ্জীয়ন হ’ব। এইটো SIR নহয়, এইটো CAA প্ৰণয়ন কৰা হৈছে।”