ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

কমোডত কন্যা নৱজাতকৰ মৃতদেহ! চাফাই কৰি থাকোঁতে এজন অনাময় কৰ্মীয়ে বিচাৰি পালে দেহ, ক’ত?

চৰকাৰী চিকিৎসালয়ৰ শৌচাগাৰৰ কমোডত এগৰাকী নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি মধ্যপ্ৰদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ছিণ্ডৱাৰা জিলাৰ এখন চৰকাৰী চিকিৎসালয়ত সোমবাৰে নিশা সংঘটিত এই ঘটনাই ৰাজ্যখনৰ স্বাস্থ্য ব্যৱস্থা আৰু সামাজিক সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।

তথ্য অনুসৰি, সোমবাৰে নিশা চিকিৎসালয়খনৰ এজন অনাময় কৰ্মীয়ে শৌচাগাৰ চাফা কৰিবলৈ গৈ কমোডৰ ভিতৰত এটা মৃতদেহ আৱদ্ধ হৈ থকা প্ৰত্যক্ষ কৰে। তেওঁ লগে লগে চিকিৎসালয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে। পৰৱৰ্তী সময়ত কৰ্তৃপক্ষৰ নিৰ্দেশত কমোডটো ভাঙি এগৰাকী কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

স্বাস্থ্য বিভাগৰ এজন বিষয়াই জনোৱা মতে, চেনিটেশ্যন কৰ্মীজনে কাম কৰি থকা অৱস্থাত মৃতদেহটো দেখিছিল আৰু সকলোৱে যথেষ্ট কষ্ট কৰিহে কেঁচুৱাটোৰ মৃতদেহটো বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয়।

চিকিৎসালয়খনৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে সেইদিনা চিকিৎসালয়লৈ মুঠ ১৫ গৰাকী গৰ্ভৱতী মহিলা আহিছিল। ইয়াৰে ১৪ গৰাকী মহিলাক ইতিমধ্যে চিনাক্ত কৰা হৈছে যদিও এজনী মহিলাৰ কোনো শুংসূত্ৰ পোৱা হোৱা নাই। সন্দেহ কৰা হৈছে যে সেই অচিনাক্ত মহিলাগৰাকীয়েই শৌচাগাৰত সন্তান জন্ম দি তাক ফ্লাছ কৰি নষ্ট কৰিবলৈ চেষ্টা কৰিছিল। বৰ্তমান আৰক্ষীয়ে চিকিৎসালয়খনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি পলাতক মহিলাগৰাকীক বিচাৰি অভিযান চলাই আছে।

উল্লেখ্য যে ইয়াৰ ঠিক দুমাহ পূৰ্বে মধ্যপ্ৰদেশত বিষাক্ত কাহৰ চিৰাপ সেৱন কৰি ২০ টা শিশুৰ মৃত্যু হোৱা ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছিল। তাৰ পাছতে চিকিৎসালয়ৰ ভিতৰত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা এই ঘটনাই সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।