ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

নেহৰুৱে চৰকাৰী ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল, পেটেলে বন্ধ কৰি দিলে! ৰাজনাথ সিঙৰ বিস্ফোৰক দাবী

দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাইজৰ ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল! শেহতীয়াকৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এনে এক বিস্ফোৰক দাবী উত্থাপন কৰিছে। তেওঁ লগতে দাবী কৰে যে চৰ্দাৰ বল্লভভাই পেটেলে চৰকাৰী ধনেৰে সেই মছজিদ নিৰ্মাণৰ নেহৰুৰ ইচ্ছা বন্ধ কৰি দিছিল।

মঙলবাৰে পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বদোদৰাত উপস্থিত থাকি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সাধলী গাঁৱত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে। তাত ৰাজনাথে চৰ্দাৰ পেটেলক প্ৰকৃত উদাৰ আৰু ধৰ্মনিৰপেক্ষ নেতা বুলি অভিহিত কৰে। তেওঁ কয় যে তেওঁ কেতিয়াও তুষ্টিকৰণৰ ৰাজনীতিত বিশ্বাস কৰা নাছিল। ইয়াৰ পিছত ৰাজনাথে বাবৰি মছজিদৰ কথা উল্লেখ কৰি কয়, “পণ্ডিত জৱাহৰলাল নেহৰুৱে ৰাইজৰ ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল। চৰ্দাৰ বল্লভভাই পেটেলে সেই প্ৰস্তাৱৰ বিৰোধিতাত সৰৱ হৈ পৰিছিল। চৰকাৰী ধনেৰে বাবৰি মছজিদ নিৰ্মাণৰ অনুমতি নিদিলে।” ইয়াৰ পিছত নেহৰুৱে সোমনাথ মন্দিৰ পুনৰুদ্ধাৰৰ বিষয়টো উত্থাপন কৰাৰ সময়ত পেটেলে স্পষ্টকৈ উল্লেখ কৰিছিল যে এই মন্দিৰৰ প্ৰসংগ বেলেগ। কাৰণ সাধাৰণ ৰাইজে সেই মন্দিৰৰ পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় ৩০ লাখ টকা আগবঢ়াইছিল।

সোমনাথ মন্দিৰৰ সন্দৰ্ভত ৰাজনাথ সিঙে কয়, “সোমনাথ মন্দিৰৰ কামৰ বাবে চৰকাৰৰ পৰা এটকাও খৰছ কৰা হোৱা নাছিল। কাৰণ এই কামৰ বাবে এটা ট্ৰাষ্ট গঠন কৰা হৈছিল। একেদৰে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে চৰকাৰৰ হিচাপৰ পৰা এটকাও খৰছ কৰা হোৱা নাছিল। এই কামৰ সমগ্ৰ খৰচ দেশৰ ৰাইজে বহন কৰিছিল। ইয়াক প্ৰকৃত ধৰ্মনিৰপেক্ষতা বোলা হয়।” চৰ্দাৰ পেটেলৰ লগত অন্যায় হোৱা বুলি অভিযোগ কৰি ৰাজনাথে কয়, “নেহৰুৰ লগত মতানৈক্য থাকিলেও মহাত্মা গান্ধীক প্ৰতিশ্ৰুতি দিয়াৰ বাবেই নেহৰুৰ লগত কাম কৰিছিল। ১৯৪৬ চনত নেহৰুৱে কংগ্ৰেছৰ সভাপতি হৈছিল কাৰণ পেটেলে গান্ধীৰ পৰামৰ্শমতে মনোনয়ন প্ৰত্যাহাৰ কৰিছিল। এই সকলোবোৰৰ মাজতো একাংশ লোকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ইতিহাসৰ পৃষ্ঠাৰ পৰা তুলি লৈ পুনৰ উজ্জ্বল তাৰকা হিচাপে প্ৰতিষ্ঠা কৰালৈকে চৰ্দাৰ পেটেলৰ উত্তৰাধিকাৰ মচি পেলাবলৈ চেষ্টা কৰিছিল।”

ইয়াৰ উপৰিও ৰাজনাথে নেহৰুক সমালোচনা কৰি কয়, “পেটেলৰ মৃত্যুৰ পিছত সাধাৰণ মানুহে তেওঁৰ স্মৃতিসৌধ নিৰ্মাণৰ বাবে ধন সংগ্ৰহ কৰিছিল। এই তথ্য জানি নেহৰুৱে কয়, “চৰ্দাৰ পেটেল এজন কৃষকৰ নেতা আছিল, গতিকে এই ধন গাঁৱে-ভূঞে কুঁৱা আৰু পথ নিৰ্মাণত ব্যয় কৰিব লাগে।” তেওঁৰ মতে কুঁৱা আৰু পথ নিৰ্মাণৰ দায়িত্ব চৰকাৰৰ। ইয়াৰ বাবে স্মৃতিসৌধ ব্যৱহাৰ কৰাৰ পৰামৰ্শ সম্পূৰ্ণ অৰ্থহীন আছিল। ইয়াৰ পৰা দেখা যায় যে তেতিয়াৰ চৰকাৰে যিকোনো মূল্যৰ বিনিময়ত পেটেলৰ মহান উত্তৰাধিকাৰক লুকুৱাই ৰাখিব বিচাৰিছিল আৰু দমন কৰিব বিচাৰিছিল।”