ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

মোদীৰ শাসনৰ উন্নয়নৰ নমুনা! অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা

২০২১ চনৰ পাছত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। সংসদৰ শীতকালীন অধিৱেশনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাখিল কৰা পৰিসংখ্যাই এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰৰ মন্ত্ৰালয়ে এক লিখিত উত্তৰত জনাইছে যে ২০১১ চনৰ পৰা ২০২১ চনলৈকে প্ৰতি বছৰে গড়ে ১ লাখ ২০ হাজাৰৰ পৰা ১ লাখ ৪৫ হাজাৰৰ ভিতৰত ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছিল।

কিন্তু ২০২২ চনৰ পৰা এই সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি, ২০২২, ২০২৩ আৰু ২০২৪ চনত প্ৰতি বছৰে প্ৰায় ২ লাখকৈ লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। বিশেষকৈ ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত নাগৰিকত্ব ত্যাগ কৰা লোকৰ মুঠ সংখ্যা ৯ লাখৰো অধিক হৈছে।

নাগৰিকত্ব ত্যাগ কৰাৰ প্ৰৱণতা কিয় বৃদ্ধি পাইছে, সেই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই। অৱশ্যে মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে বহু লোকে ব্যক্তিগত, পেছাগত আৰু আইনী কাৰণত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। এই তথ্য প্ৰকাশ পোৱাৰ পাছতেই ‘ব্ৰেইন ড্ৰেইন’ (Brain Drain) বা প্ৰতিভা বহিৰ্গমন বিষয়টোৱে দেশজুৰি পুনৰ চৰ্চা লাভ কৰিছে। বিশেষজ্ঞসকলৰ মতে, উন্নত শিক্ষা, কৰ্মসংস্থাপন আৰু উন্নত মানৰ জীৱনশৈলীৰ সন্ধানত বহু প্ৰতিভাৱান ভাৰতীয়ই পশ্চিমীয়া দেশসমূহলৈ ঢাপলি মেলিছে।

মন কৰিবলগীয়া যে ভাৰতত দ্বৈত নাগৰিকত্বৰ (Dual Citizenship) কোনো ব্যৱস্থা নাই। সেয়ে আমেৰিকা, কানাডা বা ব্ৰিটেইনৰ দৰে দেশৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ লগে লগে এজন ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব স্বয়ংক্ৰিয়ভাৱে বাতিল হয়। বহু প্ৰবাসী ভাৰতীয়ই সামাজিক মাধ্যমত মত প্ৰকাশ কৰিছে যে তেওঁলোকে স্বেচ্ছাই ভাৰতীয় পৰিচয় ত্যাগ কৰিব নিবিচাৰে, কিন্তু বৰ্তমানৰ আইনী বাধ্যবাধকতাৰ বাবে তেওঁলোকে এনে কঠিন সিদ্ধান্ত ল’বলগীয়া হৈছে।