ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ৰঞ্জী ট্ৰফীত ৰাণ সংগ্ৰহ কৰা অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ নৱ কমল ভূঞাৰ পৰলোকপ্ৰাপ্তি

অসমৰ ক্ৰিকেট জগতত গভীৰ শোকৰ ছাঁ পেলাই ৰাজ্যখনৰ প্ৰথমগৰাকী ৰঞ্জী ট্ৰফী ৰাণ সংগ্ৰহকাৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱ কমল ভূঞাই ইহলীলা সম্বৰণ কৰিছে। অসমৰ ক্ৰিকেটৰ প্ৰাৰম্ভিক পৰ্যায়ৰ অন্যতম পথপ্ৰদৰ্শক ভূঞাৰ মৃত্যুত ক্ৰীড়ানুৰাগীসকল মৰ্মাহত হৈ পৰিছে।

১৯৪৮ চনত অসমে খেলা প্ৰথমখন ৰঞ্জী ট্ৰফী মেচত তেওঁ ৰাজ্যৰ হৈ অংশগ্ৰহণ কৰিছিল। উক্ত মেচখনতে তেওঁ অসমৰ হৈ প্ৰথমটো ৰাণ সংগ্ৰহ কৰি ইতিহাস সৃষ্টি কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ অসম ক্ৰিকেট সন্থাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত থাকি বিভিন্ন ধৰণে ৰাজ্যখনৰ ক্ৰিকেটৰ উন্নয়নত অৰিহণা যোগাইছিল।

তেওঁৰ বিয়োগত অসমে এজন ক্ৰীড়া মহীৰূহক হেৰুৱালে। তেওঁৰ অৱদানক অসমৰ ক্ৰিকেট সমাজে সদায় শ্ৰদ্ধাৰে সোঁৱৰিব।

অসম ক্ৰিকেট সন্থাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।