ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ উদ্যোগত ৰাষ্ট্ৰীয় এইডছ দিৱস পালন

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰ পৰিষদে আজি ৰাষ্ট্ৰীয় এইডছ্ দিৱস উপলক্ষে এক সমাজ সজাগতামূলক কাৰ্যসূচী আয়োজন কৰি HIV/AIDS ৰ প্ৰতি সতৰ্কতা, আগতীয়া নিৰ্ণয় আৰু সামাজিক কলঙ্ক দূৰীকৰণৰ উদ্দেশ্যে বহুমুখী ব্যৱস্থাপনা গ্ৰহণ কৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ প্ৰণৱজ্যোতি বৈশ্যই উদ্বোধনী ভাষণেৰে কাৰ্য্যসূচী আৰম্ভণী কৰে । তেখেতে স্বাস্থ্যবিভাগৰ শিক্ষাৰ্থীৰ সমাজিক দায়িত্ববোধ, সঠিক তথ্য প্ৰচাৰ আৰু সহানুভূতিমূলক আচৰণৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

মহাবিদ্যালয়ৰ প্ৰাংগণৰ পৰা জালুকবাৰী অঞ্চললৈ বৃহৎ সচেতনতা যাত্ৰা (ৰেলী) আয়োজন কৰা হয়, য’ত ছাত্ৰ-ছাত্ৰী, ইন্টাৰ্ন ডাক্তৰ আৰু শিক্ষক-কৰ্মচাৰী সকলে  অংশ লয়। HIV ৰ প্ৰতি সচেতনতা, নিৰোধক ব্যৱস্থা আৰু সামাজিক কলঙ্ক হ্ৰাসৰ বাৰ্তা সম্বলিত প্লেকাৰ্ড আৰু শ্লগানৰ দ্বাৰা এই যাত্ৰাৰে সাধাৰণ লোকক সজাগ কৰিবলৈ চেষ্টা কৰা হয়।

সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে BAMS প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে জালুকবাৰী উৰণীয়া সেঁতুৰ তলত এখনি বাটৰ নাট প্ৰদৰ্শন কৰে, যিয়ে পথচাৰী আৰু স্থানীয় লোকৰ দৃষ্টি আকৰ্ষণ কৰে। নাটকখনে HIV সম্পৰ্কীয় ভুল ধাৰণা, সমাজৰ বৈষম্য আৰু আগতীয়াকৈ পৰীক্ষাৰ প্ৰয়োজনীয়তা সহজ ভাষাত দেখুৱাই জনসাধাৰণক গভীৰ বাৰ্তা প্ৰদান কৰে।

ছাত্ৰ-ছাত্ৰীসকলে নাটখনৰ জৰিয়তে AIDS নিৰোধক কৌশল আৰু যুৱসমাজক সচেতনতাৰ কেন্দ্ৰবিন্দু হিচাপে আগবঢ়াৰ প্ৰয়োজনীয়তাও বাখ্যা কৰে। চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰতি বছৰে আয়োজিত এই সচেতনতামূলক কাৰ্য্যসূচীয়ে অঞ্চলটোলৈ এক সুস্থ সামাজিক বাতাবৰণ কঢ়িয়াই আনিছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।