ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ৰহস্য! আদালতলৈ গৈ থকা অৱস্থাতে ট্ৰাকে মহতিয়াই নিলে সন্দেহখালী কাণ্ডৰ সাক্ষীৰ বাহন

বুধবাৰে পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পশ্চিমবংগৰ কুখ্যাতসন্দেশখালি কাণ্ডৰ মূল অভিযুক্ত শেখ শ্বাহজাহানৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ আদালতলৈ গৈ থকা অৱস্থাত ঘটনাৰঅন্যতম সাক্ষী ভোলানাথ ঘোষৰ বাহনখনক এখন ট্ৰাকে মহতিয়াই নিয়ে।

বাসন্তী হাইৱে’ত সংঘটিত এই ভয়াৱহ ঘটনাত ভোলানাথ ঘোষ আঘাতপ্ৰাপ্ত হয়, আনহাতে তেওঁৰ কনিষ্ঠ পুত্ৰ আৰু চালকজন থিতাতে নিহত হয়।

সাধাৰণতে এয়া দুৰ্ঘটনা যেন লাগিলেও, ইয়াৰ আঁৰত ষড়যন্ত্ৰ থকাৰ সন্দেহ কৰিছে ভুক্তভোগী পৰিয়াল আৰু স্থানীয় লোকে। কিয়নো দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতেই ট্ৰাকখনৰ চালকে এখন মটৰচাইকেলত উঠি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইয়াৰ উপৰি দুৰ্ঘটনা সংঘটিত হোৱা স্থানটো সাধাৰণতে বিপদসংকুল অঞ্চল নহয় বুলি আৰক্ষীয়েও স্বীকাৰ কৰিছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, ট্ৰাকখন অস্বাভাৱিক গতিৰে আহি ভোলানাথৰ বাহনখনক খুন্দা মাৰি খাৱৈত বগৰাই দিছিল।

উল্লেখ্য যে ভোলানাথ ঘোষ এসময়ত শ্বাহজাহানৰ সংগী আছিল, কিন্তু পিছলৈ দুয়োৰে মাজত বিবাদৰ সৃষ্টি হৈছিল আৰু বৰ্তমান তেওঁ চিবিআই গোচৰৰ এগৰাকী গুৰুত্বপূৰ্ণ সাক্ষী।

ভোলানাথৰ জ্যেষ্ঠ পুত্ৰ বিশ্বজিৎ ঘোষে এই ঘটনাক পোনপটীয়াভাৱে পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে। তেওঁ অভিযোগ কৰিছে যে শ্বাহজাহানে জেলত বহি তেওঁৰ পিতৃক হত্যা কৰাৰ বাবে এই পৰিকল্পনা কৰিছে আৰু নাজাত পঞ্চায়ত সমিতিৰ উপ-সভাপতি মুছলেম শ্বেখ আৰু সভানেত্ৰী সবিতা ৰয়ে তেওঁৰ নিৰ্দেশ পালন কৰিছে।

বিজেপি নেতা সজল ঘোষেও ইয়াক হত্যাকাণ্ড আখ্যা দি নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। অৱশ্যে মুছলেম শ্বেখে এই অভিযোগ অস্বীকাৰ কৰিছে।

এই চাঞ্চল্যকৰ ঘটনাক লৈ বৰ্তমান আৰক্ষী আৰু তদন্তকাৰী সংস্থাসমূহে তদন্ত অব্যাহত ৰাখিছে।