ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থাক লৈ ৰাজ্যপাললৈ পত্ৰ সাংসদ অজিত কুমাৰ ভূঞাৰ

অসম চুক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ ফচল হিচাপে ১৯৯৪ চনত সংসদৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বৰ্তমান এক গভীৰ প্ৰশাসনিক আৰু শৈক্ষিক সংকটৰ মাজেৰে গতি কৰিছে। উপাচাৰ্যৰ দীৰ্ঘদিনীয়া অনুপস্থিতি আৰু দুৰ্নীতি-অনিয়মৰ অভিযোগত গঢ়ি উঠা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ সম্পূৰ্ণৰূপে স্তব্ধ কৰি তুলিছে।

ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা আৰম্ভ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ধৰ্ণা-প্ৰতিবাদ বৰ্তমান এক চৰম পৰ্যায় পাইছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে দুৰ্নীতি, বিত্তীয় অনিয়ম আৰু প্ৰশাসনিক হেমাহিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলে যোৱা ২৯ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে চৌহদৰ সকলো শৈক্ষিক কাৰ্যকলাপ বন্ধ কৰি দিছে।

এই উদ্বেগজনক পৰিস্থিতিৰ মাজতে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই বিশ্ববিদ্যালয়খনৰ আচাৰ্য আৰু অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে। ভূঞাই বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ পুনৰুদ্ধাৰৰ বাবে তাৎক্ষণিক পদক্ষেপ লোৱাৰ লগতে বৰ্তমানৰ উপাচাৰ্যক পদৰ পৰা আঁতৰাই নতুন উপাচাৰ্য নিযুক্তি দিয়াৰ দাবী জনাইছে। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে উপাচাৰ্যজনে কেৱল চৌহদৰ পৰা আঁতৰি থাকি দায়িত্বৰ পৰা সাৰি যাব নোৱাৰে আৰু শিক্ষণৰ এই সৰ্বোচ্চ মন্দিৰক এজন ব্যক্তিৰ বাবে জীয়াতু ভুগিবলৈ দিব নোৱাৰি। লগতে ভূঞাই উপাচাৰ্য নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰক অধিক সতৰ্ক হোৱাৰ বাবে আহ্বান জনায়।

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপাচাৰ্যৰ পদত উপ-উপাচাৰ্য (Pro-Vice Chancellor) নিযুক্তি দি বৰ্তমানৰ উপাচাৰ্যৰ ব্যৰ্থতাক আৱৰি ৰখাৰ পৰামৰ্শ দিয়া বুলিও সাংসদ ভূঞাই অভিযোগ কৰিছে। ভূঞাই বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত বিতৰ্কিত উপাচাৰ্য পদৰ বাবে উত্তৰ-পূবৰ বিশ্ববিদ্যালয়সমূহক ব্যৱহাৰ কৰা বন্ধ কৰিবলৈ আহ্বান জনাইছে।