ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰত ডেৰ লাখ কোটি টকা বিনিয়োগ কৰিব মাইক্ৰ’ছফ্টে : মোদীৰ সৈতে সাক্ষাতৰ পিছত ঘোষণা চিইঅ’ৰ

ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰত মাইক্ৰ’ছফ্টে বৃহৎ বিনিয়োগ কৰিবলৈ সাজু হৈছে। বিশ্বৰ অন্যতম শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে যে তেওঁলোকে ভাৰতত ১৭.৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমাণ প্ৰায় ১.৫ লাখ কোটি টকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকৰ পিছত মঙলবাৰে মাইক্ৰ’ছফটৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলাই এই কথা ঘোষণা কৰে।

শেহতীয়াকৈ নিজৰ ‘এক্স’ (পূৰ্বে টুইটাৰ) হেণ্ডেলত এই তথ্য প্ৰকাশ কৰি নাডেলাই কয়, “এছিয়াৰ বজাৰত এইটোৱেই প্ৰথম বাৰৰ বাবে আটাইতকৈ ডাঙৰ বিনিয়োগ হ’বলৈ গৈ আছে। অহা ৪ বছৰত মাইক্ৰ’ছফ্টে ভাৰতত ১৭.৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি, দক্ষতা আৰু সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে এই বিনিয়োগ কৰা হ’ব। এই বিনিয়োগ চলিত বৰ্ষৰ আৰম্ভণিতে ঘোষণা কৰা ৩ বিলিয়ন ডলাৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ২০২৬ চনৰ শেষৰ ফালে কাম-কাজসমূহে দ্ৰুত গতিত আৰম্ভণি লাভ কৰিব।”

ভাৰতীয় মাটিত মাইক্ৰ’ছফটৰ এই যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে সত্য নাডেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সেই সাক্ষাতৰ পিছত প্ৰধানমন্ত্ৰী আৰু মাইক্ৰ’ছফটৰ ফালৰ পৰা জনোৱা হৈছিল যে ভাৰত ভূমিত AI-ৰ এক মহাযজ্ঞ আৰম্ভ হ’বলৈ গৈ আছে।

নাডেলাৰ সামাজিক মাধ্যমৰ বাৰ্তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়েও নিজৰ এক্স হেণ্ডেলত বাৰ্তা দিয়ে। তেওঁ লিখে, “কৃত্ৰিম বুদ্ধিমত্তা প্ৰসংগ ওলালে সমগ্ৰ বিশ্ব ভাৰতক শ্ৰদ্ধাৰ দৃষ্টিৰে চায়। এনে এক স্থানত মাইক্ৰ’ছফ্টে এছিয়াৰ সৰ্ববৃহৎ বিনিয়োগ কৰিবলৈ লোৱাত মই সুখী। ভাৰতৰ যুৱপ্ৰজন্মই এই সুযোগক কামত লগাব। উদ্ভাৱনৰ মাধ্যমেৰে এই পৃথিৱীখনক কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি আৰু উন্নত কৰি তোলা হ’ব।”

মাইক্ৰ’ছফট ইণ্ডিয়াৰ দক্ষিণ এছিয়াৰ বিষয়া পুনিত চান্দোকে কয়, “মাইক্ৰ’ছফট তিনি দশকৰো অধিক কাল ধৰি ভাৰতৰ অংশ হৈ আছে। এই দেশে আত্মবিশ্বাসেৰে AI-ক অস্ত্ৰ হিচাপে লৈ ভৱিষ্যতৰ দিশে আগুৱাইছে। তেনে সময়ত আমি ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বাসযোগ্য অংশীদাৰ হিচাপে থিয় দিবলৈ পাই গৌৰৱান্বিত।”