মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি (MGNREGA)-ৰ বিগত পাঁচ বছৰৰ পৰিসংখ্যাই আঁচনিখনৰ গুৰুতৰ ব্যৰ্থতা স্পষ্ট কৰি তুলিছে। দেশৰ এখনো ৰাজ্যই এই সময়ছোৱাত গড়ে ১০০ দিনৰ কৰ্মসংস্থাপন প্ৰদান কৰিব পৰা নাই। বহু ৰাজ্যই শ্ৰমিকসকলক ৫০ দিনৰো কম কাম দিয়াত ব্যৰ্থ হৈছে।
২০২৪–২৫ বিত্তীয় বৰ্ষত গোৱাত শ্ৰমিকসকলে গড়ে মাত্ৰ প্ৰায় ২৫ দিনৰ কৰ্মসংস্থাপন লাভ কৰিছে। পুডুচেৰী, অসম, পঞ্জাৱ, হাৰিয়ানা আৰু আন্দামান–নিকোবৰতো কৰ্মদিন ৪০ দিনৰ তলতে সীমাবদ্ধ হৈ আছে। অসমত শ্ৰমিকসকলে গড়ে প্ৰায় ৩৭ দিনৰহে কাম লাভ কৰিছে।
ইফালে, কিছুমান উত্তৰ-পূৰ্বাঞ্চলীয় আৰু পাহাৰীয়া ৰাজ্যত তুলনামূলকভাৱে অধিক কৰ্মসংস্থাপনৰ চেষ্টা লক্ষ্য কৰা গৈছে। মিজোৰামত শ্ৰমিকসকলে গড়ে প্ৰায় ৯৫ দিনৰ কাম লাভ কৰিছে, যি সৰ্বাধিক। মেঘালয়, অৰুণাচল প্ৰদেশ, কেৰালা আৰু লাডাখতো ৬০ৰ পৰা ৭০ দিন পৰ্যন্ত কৰ্মসংস্থাপন লাভ কৰিছিল। তথাপিও, কোনো ৰাজ্যই আইনত নিৰ্ধাৰিত ১০০ দিনৰ কৰ্মসংস্থাপনৰ লক্ষ্য পূৰণ কৰিব পৰা নাই।
এই পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় চৰকাৰে এমজিএনৰেগাৰ ঠাইত নতুন বিধেয়ক উত্থাপন কৰিছে। ‘বিকশিত ভাৰত–নিয়োগ আৰু জীৱিকা অভিযান (গ্ৰাম্য)’ নামৰ এই নতুন বিধেয়কৰ অধীনত বছৰি ১২৫ দিনৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ ৰখা হৈছে। চৰকাৰৰ মতে, গ্ৰাম্যাঞ্চলৰ আৰ্থ-সামাজিক পৰিৱর্তনসমূহৰ প্ৰতি লক্ষ্য ৰাখি আঁচনিখন অধিক শক্তিশালী কৰাটোৱেই এই সংশোধনৰ মুখ্য উদ্দেশ্য।
কিন্তু সমালোচকসকলৰ মতে, যেতিয়া বিগত পাঁচ বছৰত ১০০ দিনৰ কামো নিশ্চিত কৰিব পৰা নগ’ল, তেনে পৰিস্থিতিত ১২৫ দিনৰ নতুন প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব নে নহয় সেই লৈ সন্দেহ প্ৰকাশ কৰিছে।
আনহাতে, এমজিএনৰেগাৰ বাজেটো ধাৰাবাহিকভাৱে হ্ৰাস পাই আহিছে। ২০২০–২১ বিত্তীয় বৰ্ষত আঁচনিখনৰ মুকলি কৰা ধনৰাশি আছিল প্ৰায় ১.১১ লাখ কোটি টকা, যিটো ২০২৪–২৫ বৰ্ষত হ্ৰাস পাই প্ৰায় ৮৫,৮০০ কোটি টকালৈ নামি আহিছে। বাজেট হ্ৰাসৰ ফলত গ্ৰাম্য শ্ৰমিকসকলৰ কৰ্মসংস্থাপন আৰু মজুৰি দুয়োটাই প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছে।
২০০৫ চনত আৰম্ভ হোৱা এমজিএনৰেগা আঁচনিৰ মূল লক্ষ্য আছিল গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়ালক বছৰি ন্যূনতম ১০০ দিনৰ মজুৰিভিত্তিক কাম নিশ্চিত কৰা। কিন্তু শেহতীয়া পৰিসংখ্যাই স্পষ্ট কৰিছে যে এই লক্ষ্য এতিয়ালৈকে বাস্তৱত পূৰণ হোৱা নাই।
