যোৱা ৫ ডিচেম্বৰত বিহাৰৰ নৱাদা জিলাত এদল উন্মত্ত লোকৰ আক্ৰমণৰ বলি হয় কাপোৰৰ বিক্ৰেতা মহম্মদ আথাৰ হুছেইনে নামৰ এগৰাকী ব্যক্তি।
অৱশেষত তেওঁ ১২ ডিচেম্বৰৰ নিশা মৃত্যুক সাৱটি লয়। আৰক্ষীৰ খবৰ অনুসৰি আক্ৰমণকাৰীসকলে তেওঁৰ কাণ আৰু আঙুলিৰ মূৰ কাটি পেলাইছিল আৰু তপত লোৰে তেওঁৰ শৰীৰত আঘাত কৰিছিল।
আৰক্ষীৰ ভাষ্য অনুসৰি, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এতিয়ালৈকে আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
৫০ বছৰীয়া হুছেইনে ৫ ডিচেম্বৰৰ নিশা নৱাদা জিলাৰ বৰুই গাঁৱৰ নিজ গৃহলৈ উভতি আহিছিল। যিখন চাইকেলেৰে তেওঁ কাপোৰ বিক্ৰী কৰি ফুৰে, সেই চাইকেলখন হঠাৎ মেৰামতিৰ প্ৰয়োজন হৈছিল। ভট্টপাৰ গাঁৱৰ ওচৰত চাইকেলখন বিকল হোৱাত হুছেইনে তাত থকা এদল লোকক ওচৰৰ কোনো পাংচাৰ মেৰামতি কৰা দোকানৰ ঠিকনা সুধিছিল।
হুছেইনৰ ভাতৃ মহম্মদ শ্বাকিব আলমে সংবাদ মাধ্যমক জনোৱা মতে, লোকসকলে প্ৰথমে তেওঁৰ নাম আৰু বৃত্তি সুধিছিল। তাৰ পিছতে তেওঁলোকে হুছেইনক আক্ৰমণ কৰে, তেওঁৰ কাণ কাটি দিয়ে আৰু তপত লোহাৰেৰে তেওঁক উপৰ্যুপৰি প্ৰহাৰ কৰে।
