দীৰ্ঘদিন ধৰি চলা বিতৰ্কৰ অন্তত ২৮ মাহৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত ভৰি থৈছিল আৰু শান্তিৰ বাৰ্তা দিছিল। এইবাৰ হিংসাত ক্ষতিগ্ৰস্ত মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে দেওবাৰে দিল্লীত এক বৈঠক অনুষ্ঠিত কৰিছে বিজেপিয়ে। জানিব পৰা মতে, এই বৈঠকলৈ মণিপুৰৰ বিধায়কসকলক মতা হৈছে।
পূৰ্বৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে বিজেপিৰ সকলো বিধায়ককে এই বৈঠকত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে, তেওঁলোকৰ কাকোৱেই এই বৈঠকৰ সঠিক এজেণ্ডা জনোৱা হোৱা নাই। তেওঁ কয়, “এই বৈঠক চৰকাৰ গঠনৰ বাবেও হ’ব পাৰে। আমাৰ অধিকাংশই গৈ আছো।”
বিজেপিৰ এগৰাকী বিধায়কে জনাইছে যে দলৰ উত্তৰ-পূব ৰাজ্যসমূহৰ সমন্বয়ক সম্বিত পাত্ৰই তেওঁলোকৰ অধিকাংশইক ফোন কৰি বৈঠকত অংশগ্ৰহণ কৰিবলৈ কৈছে। আন এজনে জনাইছে, “বিজেপিৰ ৰাজ্যিক সভাপতি এ শাৰদা দেৱীয়েও বৈঠকৰ বিষয়ে কিছু বিধায়কক ফোন কৰিছে। তেৱোঁ বৈঠকত যোগদান কৰিব পাৰে।”
জানিব পৰা মতে, বিজেপিৰ কুকি-জো বিধায়কসকলকো বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে। ৰাজ্যখনৰ কুকি-জো বিধায়কসকলৰ ভিতৰত বিজেপিৰ সাতজন সদস্য আছে। নতুন চৰকাৰ গঠনৰ আগৰে পৰাই তেওঁলোকে পৃথক শাসনৰ দাবী জনাই আহিছে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুদিনীয়া মণিপুৰ ভ্ৰমণৰ ঠিক পিছতেই এই বৈঠকৰ খবৰ পোহৰলৈ আহিছে। গোষ্ঠীগত হিংসা আৰম্ভ হোৱাৰ ২৮ মাহৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে মণিপুৰ ভ্ৰমণ কৰাৰ পাছত ৰাষ্ট্ৰপতিয়ে ভ্ৰমণ কৰিছিল। এই দুয়োটা ভ্ৰমণৰ পিছতে বৈঠকৰ তাৰিখ ঘোষণা হোৱাত ৰাজনৈতিক মহলত চৰ্চা চলিছে যে মণিপুৰৰ চৰকাৰ পুনৰ গঠন হ’ব পাৰে।
এই বছৰৰ আৰম্ভণিতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল এন বীৰেন সিঙে। অভ্যন্তৰীণ আৰু বাহ্যিক চাপৰ সন্মুখীন হৈ যোৱা ৯ ফেব্ৰুৱাৰীত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পাছতে ৰাজ্যজুৰি ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়। ২০২৩ চনৰ ৩ মে’ত মণিপুৰত মেইটেই-কুকি সংঘৰ্ষ আৰম্ভ হৈছিল। সেই সময়ৰ পৰাই উত্তপ্ত হৈ আছে উত্তৰ-পূবৰ এই ৰাজ্যখন।
২০২৪ চনৰ শেষৰ দিনটোত মণিপুৰত হোৱা ৰক্তক্ষয়ী হিংসাৰ বাবে ৰাজ্যখনৰ সকলো নাগৰিকৰ ওচৰত ক্ষমা খুজিছিল বীৰেন সিঙে। ইম্ফলত অনুষ্ঠিত এক সংবাদমেলত তেওঁ সাধাৰণ জনতাৰ উদ্দেশ্যে বাৰ্তা দিছিল— “আমাৰ গোটেই বছৰটো দুৰ্ভাগ্যজনকভাৱে পাৰ হ’ল। যোৱা বছৰৰ ৩ মে’ৰ পৰা ৰাজ্যত যি ঘটিছে তাৰ বাবে মই সাধাৰণ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো। বহুতে আপোনজনক হেৰুৱাইছে। বহুতে ঘৰ এৰি যাবলগীয়া হৈছে। মই অনুতপ্ত। মই ক্ষমা বিচাৰিছো। কিন্তু যোৱা তিনি-চাৰি মাহৰ শান্তিপূৰ্ণ পৰিস্থিতি দেখি মোৰ আশা হৈছে যে ২০২৫ চনৰ ভিতৰত ৰাজ্যত স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব।” ইয়াৰ লগতে তেওঁ ৰাজ্যখনৰ ৩৫টা জনজাতীয় গোটক মিলি-জুলি থাকিবলৈ আহ্বান জনাইছিল।
