মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ বিপৰ্যয়ৰ মাত্ৰ এবছৰৰ ভিতৰতে বিৰোধী শিবিৰত মোক্ষম আঘাট পৰিছে। কংগ্ৰেছ দলে চৰকাৰীভাৱে ঘোষণা কৰিছে যে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাৰ সৈতে তেওঁলোকৰ মিত্ৰতাৰ অন্ত পৰিছে। বিশ্বৰ আটাইতকৈ ধনী পৌৰ নিগম হিচাপে পৰিচিত বৃহনমুম্বাই পৌৰ নিগমৰ (বিএমচি) আগন্তুক নিৰ্বাচনত কংগ্ৰেছে কোনো দলৰ সৈতে মিত্ৰতা নকৰি অকলে যুঁজ দিব। মুম্বাই কংগ্ৰেছৰ পৰ্যবেক্ষক ৰমেশ চেন্নীথালাই এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰি জনাইছে যে আগন্তুক নিৰ্বাচনত তেওঁলোকে নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু উদ্ধৱ শিবিৰৰ শিৱসেনাৰ সৈতে তেওঁলোকৰ কোনো ধৰণৰ নিৰ্বাচনী বুজাবুজি নাথাকিব।
মন কৰিবলগীয়া যে প্ৰায় ছবছৰ পূৰ্বে কংগ্ৰেছ আৰু এনচিপিয়ে বিজেপিৰ দৰে শক্তিশালী পক্ষক প্ৰত্যাহ্বান জনাবলৈ হিন্দুত্ববাদী আদর্শৰ শিৱসেনাৰ সৈতে হাত মিলাইছিল। ইয়াৰ পৰিণতিতে মহাৰাষ্ট্ৰত মহা বিকাশ আঘাড়ী গঠন হৈছিল আৰু উদ্ধৱ থাকৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল। মতাদৰ্শগত দিশত পাৰ্থক্য থকাৰ পিছতো এই মিত্ৰতা যথেষ্ট সুকলমে চলি থকা দেখা গৈছিল আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো তেওঁলোকে আশাতীত সফলতা অৰ্জন কৰিছিল। উদ্ধৱ থাকৰে কৌশলেৰে নিজৰ দলটোক অতিৰিক্ত হিন্দুত্বৰ মেৰপাকৰ পৰা আঁতৰাই ৰাখি ধৰ্মনিৰপেক্ষ দলসমূহৰ সৈতে সমিলমিল বজায় ৰাখিছিল। কিন্তু বিধানসভা নিৰ্বাচনত মুখামুখি হোৱা পৰাজয়ৰ পিছত এই মিত্ৰতাত ফাঁট মেলাৰ যি আশংকা কৰা হৈছিল, সেয়াই এতিয়া বাস্তৱত পৰিণত হ’ল।
শেহতীয়া ৰাজনৈতিক পৰিৱৰ্তন অনুসৰি, উদ্ধৱ থাকৰে নিজৰ হেৰুৱা শক্তি উদ্ধাৰৰ বাবে ভাতৃ তথা এমএনএচ মুৰব্বী ৰাজ থাকৰেৰ সৈতে মিত্ৰতাৰ পথ বাছি লৈছে। থাকৰে ভাতৃদ্বয়ৰ এই পুনৰ্মিলনে মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ সৃষ্টি কৰিছে। বিএমচি নিৰ্বাচনত শিৱসেনা (উদ্ধৱ গোট) আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাই একেলগে যুঁজাৰ পৰিকল্পনা কৰাত কংগ্ৰেছ বিপাঙত পৰিছে। কংগ্ৰেছ নেতৃত্বৰ মতে, উদ্ধৱ থাকৰেৰ সৈতে সম্পৰ্ক ৰখাত সমস্যা নাথাকিলেও ৰাজ থাকৰেৰ অতি কঠোৰ আৰু বিতৰ্কিত স্থিতিৰ বাবে তেওঁলোকৰ সৈতে মিত্ৰতা কৰাটো সম্ভৱ নহয়। মুম্বাইৰ কংগ্ৰেছ নেতাসকলে আশংকা কৰিছে যে ৰাজ থাকৰেৰ সৈতে কোনো ধৰণৰ সংযোগ থাকিলে তেওঁলোকৰ পৰম্পৰাগত ভোটব্যাংক হেৰুৱাব পাৰে। এই শংকাৰ বাবেই তেওঁলোকে ইণ্ডিয়া মিত্ৰজোটৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে।
কংগ্ৰেছ নেতা ৰমেশ চেন্নীথালাই এই সন্দৰ্ভত কয় যে তেওঁলোকৰ যুঁজ বিজেপি আৰু উদ্ধৱ থাকৰেৰ দল— উভয়ৰ বিৰুদ্ধেই হ’ব। তেওঁ মুম্বাইৰ সকলো ধৰ্মনিৰপেক্ষ নাগৰিকক কংগ্ৰেছক সমৰ্থন কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছৰ এই কঠোৰ স্থিতিয়ে ইণ্ডিয়া মিত্ৰজোটৰ ভৱিষ্যতক লৈ এতিয়া ডাঙৰ প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে। দীৰ্ঘদিন ধৰি চলি থকা এই মিত্ৰতাৰ ভাঙোনৰ ফলত বিএমচি নিৰ্বাচনত বিৰোধী ভোট বিভাজন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে, যাৰ পোনপটীয়া প্ৰভাৱ মহাৰাষ্ট্ৰৰ ৰাজনীতিত পৰিব।
