বিৰোধীৰ হুলস্থুলৰ মাজতে বৃহস্পতিবাৰে লোকসভাই ‘বিকশিত ভাৰত – জি ৰাম জি বিধেয়ক, ২০২৫’ত অনুমোদন জনায়। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিধেয়কখনৰ ওপৰত হোৱা আলোচনাৰ প্ৰতি সঁহাৰি জনোৱাৰ পিছত সদনে ধ্বনিভোটত গৃহীত কৰে। দিনৰ ১:০৭ বজাত বিধেয়কখন গৃহীত হোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুকুৰবাৰে পুৱা ১১ বজালৈ সদন স্থগিত ৰাখে।
বুধবাৰে মাজনিশাৰ পিছত ‘নিয়োগ আৰু জীৱিকা অভিযান (গ্ৰাম্য) (বিকশিত ভাৰত – জি ৰাম জী) বিধেয়ক, ২০২৫’ সম্পৰ্কীয় আলোচনাৰ সামৰণি পৰে। আলোচনাত ৯৯ জন সদস্যই অংশগ্ৰহণ কৰে। এই প্ৰস্তাৱিত আইনখনে ২০ বছৰীয়া মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (এম জি এনৰেগা)ৰ স্থান ল’ব।
বিধেয়কখন গৃহীত হোৱাৰ লগে লগে লোকসভাত হুলস্থুলৰ সৃষ্টি হয়, বিৰোধী নেতাসকলে বিধেয়কখনৰ কপি ফালি শূন্যত উৰুৱাই দিয়া দেখা গ’ল।
বিৰোধীৰ হুলস্থুলৰ মাজতে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে লোকসভাত ভাষণ দি কয় যে যেতিয়া এই আঁচনিখন আৰম্ভ হৈছিল তেতিয়া মহাত্মা গান্ধীৰ নাম ইয়াত অন্তৰ্ভুক্ত হোৱা নাছিল। কিন্তু ২০০৯ চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে এমএনৰেগাত তেওঁৰ নাম সংযোজন কৰিছিল।
জি ৰামজী বিধেয়ক সন্দৰ্ভত আঠ ঘণ্টীয়া আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৌহানে কয় যে মোডী চৰকাৰে বিভিন্ন পদক্ষেপৰ জৰিয়তে মহাত্মা গান্ধীৰ আদৰ্শক ৰক্ষা কৰি আছে।
দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে কেইবাখনো চৰকাৰী আঁচনিৰ উদ্ধৃতি দি চৌহানে কয় যে, “কংগ্ৰেছে বাপুৰ আদৰ্শ ধ্বংস কৰিলে; প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্জ্বলা যোজনা, স্বচ্ছ ভাৰত মিছন, আয়ুষ্মান ভাৰতৰ অধীনত স্থায়ী গৃহ নিৰ্মাণৰ জৰিয়তে এন ডি এয়ে বাপুৰ আদৰ্শক জীয়াই ৰাখিছে।”
ইপিনে, গ্ৰাম্য নিয়োগৰ পদক্ষেপৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি বিৰোধী সদস্যসকলে সদনৰ মজিয়াত সমবেত হৈ জি ৰামজী বিধেয়কৰ প্ৰতিলিপি ফালি অধ্যক্ষৰ পিনে দলিয়াই দিয়ে।
